உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • OPINION- সমষ্টিলৈ যোৱাৰ পৰিৱৰ্তে জে'লৰ পৰাই প্ৰতিদ্বন্দিতা কৰি জয়ী হব পাৰিবনে অখিল গগৈ? দেশত আছেনে এনে উদাহৰণ?

    OPINION- সমষ্টিলৈ যোৱাৰ পৰিৱৰ্তে জে'লৰ পৰাই প্ৰতিদ্বন্দিতা কৰি জয়ী হব পাৰিবনে অখিল গগৈ? দেশত আছেনে এনে উদাহৰণ?

    অখিল গগৈ এইবাৰ জে’লৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছে। গুৱাহাটীত তেওঁ বন্দীত্বৰ জীৱন কটাইছে আৰু শিৱসাগৰত অৱতীৰ্ণ হৈছে।

    অখিল গগৈ এইবাৰ জে’লৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছে। গুৱাহাটীত তেওঁ বন্দীত্বৰ জীৱন কটাইছে আৰু শিৱসাগৰত অৱতীৰ্ণ হৈছে।

    অখিল গগৈ এইবাৰ জে’লৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছে। গুৱাহাটীত তেওঁ বন্দীত্বৰ জীৱন কটাইছে আৰু শিৱসাগৰত অৱতীৰ্ণ হৈছে।

    • Share this:
    দেশৰ ৰাজনীতিত জর্জ ফাৰ্নাণ্ডেজে এটা পৰিচিত নাম। মোৰাৰজী দেশাই আৰু বাজপায়ী মন্ত্ৰীসভাৰ বহুকেইটা বিভাগৰৰ দায়িত্বশীল মন্ত্ৰী আছিল তেওঁ । কৰ্ণাটকত জন্ম হৈ মুম্বাইৰ পৰা প্ৰথমটো লোকসভা নিৰ্বাচন জয়লাভ কৰি জৰুৰীকালীন অৱস্থাৰ পিছৰটো নিৰ্বাচন জে’লত থাকি বিহাৰৰ পৰা জয়লাভ কৰা নেতা ভাৰতীয় ৰাজনীতিৰ ইতিহাসত বিৰল।

    বোম্বে টেক্সি ইউনিয়নৰ সভাপতি হৈ থাকোতেই মাত্ৰ ৩৭বছৰ বয়সত বোম্বেৰ পৰা সংসদত প্ৰৱেশ কৰিছিল ফাৰ্নাণ্ডেজে। ১৯৭৩চনত তেওঁ নিখিল ভাৰত ৰে’ল কৰ্মচাৰী ফেডাৰেছনৰ সভাপতি হৈছিল। ১৯৭৪ চনৰ ৮ মে’ৰ দিনা তেওঁৰ এটা আহ্বানত বন্ধ হৈ পৰিছিল সমগ্ৰ দেশৰে ৰে’ল চলাচল। প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ ই আছিল প্ৰথম আৰু অন্যতম কাৰণ।

    জৰুৰীকালীন অৱস্থাৰ সময়ত ১৯৭৬ চনৰ ১০ জুন তাৰিখে কলিকতাৰ পৰা গ্ৰেপ্তাৰ হৈছিল জৰ্জ ফাৰ্নাণ্ডেজ। বোমা সৰবৰাহ কৰি চৰকাৰী প্ৰতিষ্ঠানত বিস্ফোৰণ ঘটোৱাৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। এই গোচৰৰ ৩০০০ পৃষ্ঠাৰ অভিযোগনামা তদন্তকাৰী প্ৰতিষ্ঠানে জমা দিয়াৰ পাছত তেওঁ জামিন পাই যদিও তেওঁক পুনৰ MISAৰ অধীনত গ্ৰেপ্তাৰ কৰা হয়।

    ১৯৭৭চনৰ ২১মার্চত জৰুৰীকালীন অৱস্থা প্ৰত্যাহাৰ কৰা হয় আৰু দেশত সাধাৰণ নিৰ্বাচন ঘোষণা কৰা হয়। ফাৰ্নাণ্ডেজে সেইসময়ত তিহাৰ জে’লত বন্দীত্বৰ জীৱন কটাই আছিল। জয় প্ৰকাশ নাৰায়ণৰ হেঁচাত তেওঁ জে’লৰ পৰাই বিহাৰৰ মুজাফ্ৰপুৰ সমষ্টিত জনতা পাৰ্টীৰ টিকটত নিৰ্বাচন খেলিবলৈ সন্মত হয়।  অভিযুক্ত হিচাপে তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিলে ঠিকেই কিন্তু সমষ্টিলৈ যোৱাৰ সুযোগ নাপালে। পুলিচকর্মীৰ মাজত শিকলিৰে বন্ধা হাতৰে ৰাইজক অভিবাদন জনাই থকা এখন কলা-বগা ফটোৱেই আছিল তেওঁৰ প্ৰচাৰৰ সমল। সমষ্টিৰ এটা অংশও বাদ পৰা নাছিল এই ফটো খনৰ পৰা। মাত্ৰ এখন ফটোৰেই এবাৰো সমষ্টি ভ্ৰমণ নকৰাকৈ ৩ লাখ ভোটত জয়লাভ কৰিছিল এই নেতা জনে।

    নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ দিনা জর্জ ফাৰ্নাণ্ডেজৰ আদালতত শুনানি আছিল। শুনানিৰ সময়তে তেওঁৰ জয়ৰ বাতৰি বিয়পি পৰিল। বহু বিশ্লেষকে ক’ব খোজে আদালত কক্ষত ৰাইজৰ ভিৰ আৰু উৎসাহৰ সন্মুখত ন্যায়াধীশৰ জামিন প্ৰদান কৰাৰ বাবে গত্যন্তৰ নাছিল।

    অখিল গগৈ আৰু জৰ্জ ফাৰ্নাণ্ডেজৰ ৰাজহুৱা জীৱনত কিছু সাদৃশ্য দেখা পোৱা যায়। অৱশ্যে ফাৰ্নাণ্ডেজৰ পৰিসৰ সৰ্ব ভাৰতীয় আছিল। তেওঁ অঞ্চল বিশেষে জাতীয়তাবাদত বিশ্বাসী নাছিল।

    অখিল গগৈও এইবাৰ জে’লৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছে। গুৱাহাটীত তেওঁ বন্দীত্বৰ জীৱন কটাইছে আৰু শিৱসাগৰত অৱতীৰ্ণ হৈছে। ফাৰ্নাণ্ডেজ গ্ৰেপ্তাৰ হৈছিল বিস্ফোৰণৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগত  আৰু অখিলৰ বিৰুদ্ধে ৰুজু হৈছে UAPAৰ অধীনত গোচৰ। অখিলে পত্ৰ লিখে ভোটাৰলৈ আৰু ফাৰ্নাণ্ডেজে টেপ ৰেকৰ্ডাৰত বাণীবদ্ধ কৰিছিল ভাষণ।

    কিন্তু ১৯৭৭চনৰ পটভূমি ২০২১চনতকৈ পৃথক । সেয়া আছিল দেশৰ সাধাৰণ নিৰ্বাচন আৰু এইয়া অসমৰ বিধানসভা নিৰ্বাচন। ফাৰ্নাণ্ডেজে জয়লাভ কৰি মন্ত্ৰী হৈছিল। আনহাতে জনতা পাৰ্টী আৰু নৱগঠিত অসমৰ দল কেইটাৰ ৰাজনৈতিক দূৰদৰ্শিতা আৰু পৰিপক্কতা আকাশ পাতাল পাৰ্থক্য। অসম মুলুকত পুলিচৰ অত্যাচাৰৰ বলি হোৱাৰ পিছত ১৯৬৭চনত কলাগুৰু বিষ্ণু ৰাভাই তেজপুৰৰ পৰা নিৰ্বাচন জয়ী হৈছিল। এইবাৰ অখিলে ইতিহাস দোহাৰিবলৈ সক্ষম হ’ব নে নাই সেয়া ২ মে’ত গম পোৱা যাব।

    ভাৰতীয় ন্যায়িক ব্যৱস্থাত জামিন লাভ কৰাৰ পৰা বঞ্চিত অভিযুক্তও নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰে। কিন্তু তেওঁ প্ৰচাৰ কৰিবলৈ মুকলি আকাশ তললৈ আহিব নোৱাৰে। আইনবিদ সকলৰ মতে যিহেতু এজন ব্যক্তিক দোষী সাব্যস্ত নোহোৱালৈকে ভাৰতীয় ন্যায়িক ব্যৱস্থাত নিৰ্দোষী বুলি গণ্য কৰা হয়; সেয়ে নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো তেওঁৰ সাংবিধানিক অধিকাৰ; কিন্তু প্ৰচাৰ কৰিবৰ কাৰণে তেওঁ জামিনৰ আবেদন জনালে আদালতে গ্ৰহণ নকৰিব । তেওঁ ‘in absentia' নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব । আনহাতে Representation of People's Actৰ দফা ৮(৩)ৰ মতে নিম্ন আদালতে দোষী সাব্যস্ত কৰা এজন অপৰাধীৰ যদি শাস্তিৰ ম্যাদ দুই বছৰ বা তাতোধিক তেওঁ নিৰ্বাচন খেলিব নোৱাৰিব।
    Published by:Himangshu Bhuyan
    First published: