உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ‘ভুৱা গোচৰত এনেই NIA–এ এবছৰ খালে’ – চাবুৱা থানাৰ গোচৰত অভিযোগমুক্ত হোৱাৰ পিছত ক’লে অখিল গগৈয়ে

    ‘ভুৱা গোচৰত এনেই NIA–এ এবছৰ খালে’ – চাবুৱা থানাৰ গোচৰত অভিযোগমুক্ত হোৱাৰ পিছত ক’লে অখিল গগৈয়ে

    File Photo

    File Photo

    চাবুৱা থানাৰ গোচৰত শিৱসাগৰৰ বিধায়ক অখিল গগৈ অভিযোগমুক্ত হোৱাৰ লগতে আন দুজনকো উক্ত গোচৰত অভিযোগমুক্ত কৰে NIA আদালতে৷

    • Share this:
    চাবুৱা থানাৰ গোচৰত অখিল গগৈক অভিযোগ মুক্ত কৰাৰ পিছতে স্বাভাৱিকতে প্ৰশ্ন তুলিছে ৰাইজৰ দল তথা অখিল গগৈৰ সমৰ্থকে৷ কিয়নো কা আন্দোলনৰ সময়ত অখিলৰ বিৰুদ্ধে ৰুজু হৈছিল এটাৰ পাছত আনটো গোচৰ ৷ অখিলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ অন্যতম গোচৰ চাবুৱা আৰক্ষীৰ ২১/২০১৯ নম্বৰ গোচৰ৷ গোচৰত আৰক্ষীক শিল দলিওৱাৰ অভিযোগ থকাৰ অখিলৰ বিৰুদ্ধে৷ কিন্তু উপযুক্ত তথ্য প্ৰমাণ নথকাৰ বাবে অৱশেষত আদালতৰ মজিয়াত অভিযোগমুক্ত হ’ল অখিল ৷ সেয়ে NIA আদালতৰ পৰা ওলাই অখিল গগৈৰ দাবী, ভুৱা গোচৰত এনেই NIA এবছৰ খালে৷

    ইপিনে চাবুৱা থানাৰ গোচৰত শিৱসাগৰৰ বিধায়ক অখিল গগৈ অভিযোগমুক্ত হোৱাৰ লগতে আন দুজনকো উক্ত গোচৰত অভিযোগমুক্ত কৰে NIA আদালতে৷ অন্যহাতে, ৰুগীয়া মাতৃক সাক্ষাতৰ বাবে অনুমতি বিচাৰি অখিল গগৈয়ে আবেদন কৰিছিল NIA আদালতত৷ উক্ত আবেদনৰ মঙলবাৰে সম্পন্ন হয় শুনানি৷ অৱশ্যে আদালতৰ ৰায় বুধবাৰে প্ৰকাশ কৰিব বুলি জনাই অখিল গগৈৰ অধিবক্তাই৷

    উল্লেখ্য যে চাবুৱা আৰক্ষী গোচৰৰ অভিযোগমুক্ত হোৱাৰ লগে লগে এতিয়া মাত্ৰ অখিলৰ বিৰুদ্ধ আছে চানমাৰি আৰক্ষীৰ গোচৰ৷ চানমাৰি আৰক্ষীৰ গোচৰৰ পৰা মুক্ত হোৱাৰ লগে লগে মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা আছে অখিল গগৈয়ে৷
    Published by:Sanjay Kumar Das
    First published: