ৰিপুণ বৰা মুখ্যমন্ত্ৰী হ’ব বুলি প্ৰদ্যুৎ বৰদলৈ আৰু গৌৰৱ গগৈয়ে ২১ত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা হোৱাত বাধা দিছিল বুলি মন্তব্য কৰে অখিল গগৈয়ে।
ৰিপুণ বৰা মুখ্যমন্ত্ৰী হ’ব বুলি প্ৰদ্যুৎ বৰদলৈ আৰু গৌৰৱ গগৈয়ে ২১ত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা হোৱাত বাধা দিছিল বুলি মন্তব্য কৰে অখিল গগৈয়ে।
পুনৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিস্ফোৰক মন্তব্য। অখিল গগৈয়ে কয় যে ২০২১ৰ নিৰ্বাচনত কংগ্ৰেছৰ ভুলৰ বাবেই বিজেপিৰ চৰকাৰ হ’ল অসমত। ৰিপুণ বৰা মুখ্যমন্ত্ৰী হ’ব বুলি প্ৰদ্যুৎ বৰদলৈ আৰু গৌৰৱ গগৈয়ে ২১ত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা হোৱাত বাধা দিছিল বুলি মন্তব্য কৰে অখিল গগৈয়ে।
সংবাদ মাধ্যমৰ আগত অখিল গগৈয়ে কয়, ‘‘এইবাৰ কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা হ’লে উপ–নিৰ্বাচনৰ অতি কমেও ৩খন আসন লাভ কৰিব। ২১ৰ দৰে এইবাৰ ৰাইজৰ দলক বিশ্বাসঘাটকতা কৰিব নোৱাৰিব কংগ্ৰেছে। ২১ত শেষ মুহূৰ্তত প্ৰতাৰণা কৰিছিল কংগ্ৰেছে। যাৰ বাবে বিজেপি চৰকাৰ হৈছিল। এইবাৰ প্ৰতাৰণা কৰিলে বিজেপিক প্ৰতিহত কৰিব নোৱাৰাৰ একমাত্ৰ কাৰণ হ’ব কংগ্ৰেছ।’’
নতুন দিল্লীত মন্ত্ৰী পীযূষ হাজৰিকাক সাক্ষাৎ কৰা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে অখিল গগৈয়ে। বিধায়কগৰাকীয়ে কয় – ‘‘মই এজন বিধায়ক হিচাপেহে মন্ত্ৰী পীযূষ হাজৰিকাক সাক্ষাৎ কৰিছো। এজন মন্ত্ৰীক বিধায়ক হিচাপে লগ কৰাটো মোৰ অধিকাৰ। সমষ্টিৰ কথাহে আলোচনা কৰিছোঁ। কোনোবাই মই পীযূষ হাজৰিকাক লগ পোৱাৰ বাবে মোৰ আদৰ্শক লৈ প্ৰশ্ন কৰাটো মোৰ বাবে অপমান৷’’
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|