আকৌ নাকচ কৰিলে কৃষক নেতা অখিল গগৈৰ জামিন আবেদন। NIAৰ আদালতে নাকচ কৰিলে জামিন আবেদন। কেইদিন মান পূৰ্বে গ্ৰহণ কৰা শুনানিৰ ভিত্তিত শুকুৰবাৰে নাকচ কৰা হয় কৃষক নেতাগৰাকীৰ জামিন আবেদন।
নাগৰিত্ব সংশোধনী আইনৰ বিৰোধিতাৰ নামত হিংসাত্মক কাৰ্যত উচতনি দিয়াৰ অভিযোগত ২০১৯ৰ ১৭ ডিচেম্বৰৰ পৰা কাৰাবন্দী হৈ আছে অখিল গগৈ। যদিও অখিল গগৈয়ে ইতিমধ্যে দুটা গোচৰত জামিন আবেদন লাভ কৰিছে, তথাপিও কৃষকনেতাগৰাকীৰ বিৰুদ্ধে থকা তৃতীয়টো গোচৰত NIAৰ আদালতে নাকচ কৰিলে জামিন আবেদন।
ইফালে অখিল গগৈৰ তিনি সতীৰ্থই ইতিমধ্যে লাভ কৰিছে জামিন। সম্প্ৰতি কোৰোণাত আক্ৰান্তহৈ গুৱাহাটী চিকিত্সা মহাবিদ্যালয়ত চিকিত্সাধীন হৈ থকা অখিল গগৈৰ জামিন আবেদন শুকুৰবাৰে নাকচ কৰাৰ পিছতে এতিয়া আকৌ ৰুদ্ধ হৈ পৰিল কৃষক নেতাগৰাকী মুকলি আকাশৰ তললৈ অহাৰ পথ।
NIAৰ আদালতে দিয়া ৰায়ৰ বিৰুদ্ধে এইবাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব অখিল গগৈ। NIAৰ ৰায়ৰ সন্দৰ্ভত অখিল গগৈৰ অধিবক্তা শান্তনু বৰঠাকুৰে কয় যে, ‘কিয় NIAৰ আদালতে জামিন আবেদন নাকচ কৰিলে সেই কথা এতিয়াও আমি জনা নাই। শীঘ্ৰে এই সন্দৰ্ভত আমি অধ্যয়ম কৰিম। আৰু সেই মতে, অহা ৭ দিনৰ ভিতৰত আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হম।’
আনহাতে বৰ্তমানো চলি আছে অখিল গগৈৰ মুক্তিৰ দাবীত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদ।
Published by: Himangshu Bhuyan
First published: August 07, 2020, 14:32 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|