উল্লেখ্য যে, অখিল গগৈ সুদীৰ্ঘ ৩৭৩দিন ধৰি কাৰাবন্দী হৈ আছে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত ৷ মাওবাদীৰে সম্পৰ্ক ৰক্ষাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল অখিল গগৈ ৷ ২০১৯ ৰ ১৭ ডিচেম্বৰত NIA-এ গ্ৰেপ্তাৰ কৰিছিল গগৈক ৷ যোৰহাটৰ পৰা NIA-এ গ্ৰেপ্তাৰ কৰা হৈছিল গগৈক। ভাৰতীয় দণ্ডবিধিৰ ১২০(খ)/১২৪(ক)/১৫৩(ক) আৰু বে-আইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ ১৮/৩৯ ধাৰাৰ অধীনত কৃষকনেতাগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল NIA-এ ৷ গগৈৰ বিৰুদ্ধে SI মনোৰঞ্জন মজুমদাৰে এজাহাৰ দাখিল কৰিছিল চানমাৰি থানাত ৷
২০১৯ ৰ ১৪ ডিচেম্বৰত ৰুজু হৈছিল এই গোচৰ ৷ পৰৱৰ্তী সময়ত এই গোচৰ NIAৰ হাতলৈ হস্তান্তৰ কৰে কেন্দ্ৰীয় চৰকাৰে ৷ অখিল গগৈৰ উপৰিও পাঁচজনৰ নাম উল্লেখ আছিল এজাহাৰত ৷ অনুৰূপ গোচৰত গ্ৰেপ্তাৰ হৈছিল ধৈৰ্য্য কোঁৱৰ ৷ গ্ৰেপ্তাৰ হৈছিল বিতু সোণোৱাল, মানস কোঁৱৰো ৷ পৰৱৰ্তী সময়ত আটাইকেইজনে জামিন লাভ কৰিছিল যদিও নাকচ কৰা হৈছিল অখিল গগৈৰ জামিন আবেদন।