আজিও গুৱাহাটী উচ্চ ন্যায়ালয়ত সমাপ্ত নহ’ল অখিল গগৈৰ জামিন আবেদনৰ শুনানি।
আজিও গুৱাহাটী উচ্চ ন্যায়ালয়ত সমাপ্ত নহ’ল অখিল গগৈৰ জামিন আবেদনৰ শুনানি।
আজিও গুৱাহাটী উচ্চ ন্যায়ালয়ত সমাপ্ত নহ’ল অখিল গগৈৰ জামিন আবেদনৰ শুনানি। অখিল গগৈৰ অধিবক্তা হুজেফা এহমদীয়ে যুক্তি তৰ্ক সমাপ্ত কৰাৰ পিছত তদন্তকাৰী সংস্থা National Investigation Agencyয়ে নিজৰ বক্তব্য ৰাখিবলৈ আৰু এটা শুনানিৰ দিন বিচাৰে। উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে তাৰে পৰিপ্ৰেক্ষিতত অহা ডিচেম্বৰ ৮ তাৰিখে পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে।
উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হুজেফা এহমদীয়ে আজি অখিল গগৈক জামিন প্ৰদান কৰিবলৈ প্ৰাৰ্থনা জনাই ভল্টেইৰৰ কথাৰে বক্তব্য সমাপ্ত কৰে। সংবিধান প্রদত্ত বাক স্বাধীনতাৰ উদ্ধৃতি প্ৰদান কৰি তেওঁ কয় – ‘CAA হ’ব পাৰে বিতৰ্কিত বিষয়; কোনোৱে সমৰ্থন কৰিব পাৰে, কোনোৱে বিৰোধিতা কৰিব পাৰে। কোনো এজন ব্যক্তি এক বিশেষ চিন্তাধাৰাৰে পৰিচালিত হ’ব পাৰে। আন কোনোবা আকৌ অন্য চিন্তাধাৰাত বিশ্বাসী হ’ব পাৰে; কিন্তু তাৰ কাৰণেই কাৰোবাক জে’লত ভৰাই থোৱাটো সংবিধানৰ পৰিপন্থী। ন্যায়পালিকা যে সংবিধানৰ ৰক্ষক আৰু সৰ্বোচ্চ ব্যাখ্যাকাৰী এই কথাও আদালতক সোঁৱৰাই দিয়ে এহমদীয়ে।
সদৌ শেষত তেওঁ কয় –“ভল্টেইৰে কৈছিল মই তুমি কোৱা এটা কথাটো সন্মত নহ’ব পাৰো; কিন্তু মৃত্যু পৰ্যন্ত মই তোমাৰ কথা কোৱাৰ অধিকাৰ সুনিশ্চিত কৰিম।“ আৰু এই বিশ্বজনীন নীতিয়েই অখিলৰ বেলিকা প্ৰযোজ্য হ’ব লাগে বুলি যুক্তি দিয়ে জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে।
উল্লেখযোগ্য যে, নিম্ন আদালতে এই সন্দৰ্ভত প্ৰদান কৰা ৰায় সমূহৰ কাৰিকৰী বিসংগতি সমূহো আজি উচ্চ ন্যায়ালয়ক আঙুলিয়াই দিয়ে এহমদীয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অজিত বৰঠাকুৰ আৰু কল্যাণ ৰায় সুৰণাৰে গঠিত খণ্ড বিচাৰপীঠে অখিল গগৈৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি আছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|