உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • অখিল গগৈৰ জামিনঃ আজিও সমাপ্ত নহ’ল NIA অধিবক্তাৰ যুক্তিতৰ্ক; পৰৱৰ্তী শুনানি অহা ১৭ ডিচেম্বৰত

    অখিল গগৈৰ জামিনঃ আজিও সমাপ্ত নহ’ল NIA অধিবক্তাৰ যুক্তিতৰ্ক; পৰৱৰ্তী শুনানি অহা ১৭ ডিচেম্বৰত

    আজিও সমাপ্ত নহ’ল কৃষক নেতা অখিল গগৈৰ জামিন শুনানি।

    আজিও সমাপ্ত নহ’ল কৃষক নেতা অখিল গগৈৰ জামিন শুনানি।

    আজিও সমাপ্ত নহ’ল কৃষক নেতা অখিল গগৈৰ জামিন শুনানি।

    • Share this:
    আজিও সমাপ্ত নহ’ল কৃষক নেতা অখিল গগৈৰ জামিন শুনানি। বৃহস্পতিবাৰে বিয়লি ৩.৩০ বজাৰ পৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কল্যাণ ৰায় সুৰানা আৰু অজিত বৰঠাকুৰৰে গঠিত খণ্ড বিচাৰপীঠে গ্ৰহণ কৰিলে অখিল গগৈৰ জামিন আবেদনৰ শুনানি। আজিৰ শুনানিত তদন্তকাৰী সংস্থা NIAৰ হৈ যুক্তি প্ৰদৰ্শন কৰে দেশৰ ‘Additional Solicitor General’ এছ ভি ৰাজুৱে। অখিল গগৈৰ অধিবক্তা হুজেফা এহমদীও ‘Video Conferencing’ যোগে উপস্থিত থাকে শুনানিত। পৰৱৰ্তী শুনানিৰ তাৰিখ ১৭ ডিচেম্বৰ ধার্য কৰা হৈছে।

    চৰকাৰে নিষিদ্ধ ঘোষণা কৰাৰ পিছতো মাওবাদী সংগঠনৰ সৈতে অখিল গগৈৰ সংযোগ স্থাপন হৈ আছিল বুলি যুক্তি প্রদর্শন কৰি জামিনৰ বিৰোধিতা কৰে। ৰাজুৱে লগতে কয় – ‘২০১৯ চনৰ তেওঁ কাৰ্যকলাপৰ (CAA বিৰোধী আন্দোলনৰ সময়ত) পৰাও প্ৰতীয়মান হৈছে অভিযুক্ত পৰোক্ষ ভাৱে তেনে সংগঠনৰ সদস্য। কিন্তু ৰাজুৰ যুক্তি প্ৰদৰ্শন আজি আধৰুৱা হৈ ৰয়। দুই পক্ষৰ অধিবক্তাৰে আলোচনা কৰি আদালতে পৰৱৰ্তী শুনানিৰ তাৰিখ ১৭ ডিচেম্বৰ ধাৰ্য কৰে ।
    Published by:Himangshu Bhuyan
    First published: