• Home
  • »
  • News
  • »
  • assam
  • »
  • মুকলি আকাশৰ তললৈ আহিবনে অখিল গগৈ? ১১ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিব জামিন আবেদনৰ শুনানি

মুকলি আকাশৰ তললৈ আহিবনে অখিল গগৈ? ১১ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিব জামিন আবেদনৰ শুনানি

উচ্চতম ন্যায়ালয়তো হুজেফা এহমদীয়ে অখিল গগৈক প্ৰতিনিধিত্ব কৰিব

উচ্চতম ন্যায়ালয়তো হুজেফা এহমদীয়ে অখিল গগৈক প্ৰতিনিধিত্ব কৰিব

উচ্চতম ন্যায়ালয়তো হুজেফা এহমদীয়ে অখিল গগৈক প্ৰতিনিধিত্ব কৰিব

  • Share this:
ভাৰতৰ উচ্চতম ন্যায়ালয়ে অহা ফেব্ৰুৱাৰীৰ ১১ তাৰিখে গ্ৰহণ কৰিব অখিল গগৈৰ জামিন আবেদনৰ প্রথমটো শুনানি। ন্যায়ধীশ এন ভি ৰমন্না, সূৰ্য কান্ত আৰু অনিৰুদ্ধ বচুৰ তিনিজনীয়া বিচাৰপীঠে গ্ৰহণ কৰিব এই শুনানি। অখিল গগৈৰ গোচৰৰ নম্বৰ হৈছে SLP (Crl) No 1050/2021 । পূৰ্বতে গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন নাকচ কৰিছিল অখিলৰ । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জামিন প্ৰত্যাহাৰ কৰাৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিছে গগৈ ।

উল্লেখযোগ্য যে, জানুৱাৰীৰ ৭ তাৰিখে ন্যায়াধীশ কল্যাণ ৰায় সুৰানা আৰু  অজিত বৰঠাকুৰৰে গঠিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠে অখিল গগৈৰ জামিন আবেদন নাকচ কৰিছিল। গগৈক আন গোচৰৰ লগতে UAPAৰ অধীনতো অভিযুক্ত কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা National Investigation Agencyয়ে । ২০১৯ চনৰ ডিচেম্বৰ মাহত তেওঁ নাগৰিকত্ব সংশোধনী আইনৰ বিৰূদ্ধে প্ৰতিবাদ কৰি থকাৰ সময়তে গ্ৰেপ্তাৰ হৈছিল। তেতিয়াৰ পৰা আজিকোপতি তেওঁ কাৰাৰুদ্ধ হৈ আছে।

ন্যায়ালয়ৰ শুনানিত গগৈক প্ৰতিনিধিত্ব কৰিছিল উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হুজেফা এহমদীয়ে। NIAক প্ৰতিনিধিত্ব কৰিছিল Additional Solicitor General এছ ভি ৰাজুয়ে। ৰাজুৱে অখিল গগৈয়ে অসম বন্ধৰ আহ্বান দি দেশৰ অৰ্থনৈতিক সুৰক্ষাৰ প্ৰতি ভাবুকি নমাই আনিছিল বুলি যুক্তি দৰ্শাই জামিনৰ বিৰোধিতা কৰিছিল। অৰ্থনৈতিক গতিবিধিত বাধা প্ৰদান কৰি অখিল গগৈয়ে সন্ত্ৰাসবাদত লিপ্ত হৈছিল বুলিও যুক্তি দৰ্শাইছিল ৰাজুৱে।

হুজেফা এহমদীয়ে ৰাজুৰ যুক্তি খণ্ডন কৰি কৈছিল - তেনেস্থলত দিল্লীৰ চাৰিওদিশে প্ৰতিবাদ সাব্যস্ত কৰি থকা দেশৰ কৃষকসমূহো সন্ত্ৰাসবাদী হৈ পৰিব। তেওঁ লগতে কৈছিল, কোনো কার্যৰ যোগেদি অৰ্থনৈতিক ক্ষতি হোৱাটোক অৰ্থনৈতিক সুৰক্ষাৰ প্ৰতি ভাবুকি বুলি গণ্য কৰিব পৰা নাযায়। কোনো দুষ্কৃতিকাৰীয়ে যদিহে চাইবাৰ আক্ৰমণ কৰি দেশৰ বেংকিং প্ৰণালী বিনষ্ট কৰিবলৈ চেষ্টা কৰে তেন্তে সেয়া সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ বুলি ক’ব পাৰি। এহমদীয়ে লগতে কৈছিল, অখিল গগৈয়ে অৰ্থনৈতিক অৱৰোধ কৰিবলৈ আহ্বান কৰাৰ সময়ত চৰকাৰে Essential Service Management Act প্ৰযোজ্য কৰা নাছিল।

হুজেফা এহমদীয়ে কোনো ব্যক্তিয়ে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলেই সেয়া যে দেশদ্ৰোহ নহয় এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ৰায়ো পাঠ কৰিছিল। NIA-এ অভিযোগনামাত অখিলৰ বিৰুদ্ধে দেশদ্ৰোহৰ অভিযোগ উত্থাপন কৰা নাই বুলিও আদালতক অৱগত কৰে হুজেফাই। লগতে UAPAত সন্নিৱিষ্ট সন্ত্ৰাসবাদী সংগঠনৰ সদস্য সন্দৰ্ভৰ দফাও NIA-এ অভিযোগনামাত সংলগ্ন কৰা নাই বুলি আদালতক কৈছিল  ।

উচ্চতম ন্যায়ালয়তো হুজেফা এহমদীয়ে অখিল গগৈক প্ৰতিনিধিত্ব কৰিব ।
Published by:Himangshu Bhuyan
First published: