জামিন পাবনে অখিল গগৈয়ে? বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰদান কৰিব ৰায় 

News18 Assam | News18-Assam
Updated:January 6, 2021, 9:11 PM IST
জামিন পাবনে অখিল গগৈয়ে? বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰদান কৰিব ৰায় 
উচ্চ ন্যায়ালয়ৰ ন্যায়ধীশ কল্যাণ ৰায় সুৰানা আৰু অজিত বৰঠাকুৰৰে গঠিত খণ্ড বিচাৰপীঠে প্ৰদান কৰিব ৰায়।

উচ্চ ন্যায়ালয়ৰ ন্যায়ধীশ কল্যাণ ৰায় সুৰানা আৰু অজিত বৰঠাকুৰৰে গঠিত খণ্ড বিচাৰপীঠে প্ৰদান কৰিব ৰায়।

  • Share this:
বৃহস্পতিবাৰে ১০.৩০ বজাত গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰদান কৰিব অখিল গগৈৰ জামিন শুনানিৰ ৰায়। উচ্চ ন্যায়ালয়ৰ ন্যায়ধীশ কল্যাণ ৰায় সুৰানা আৰু অজিত বৰঠাকুৰৰে গঠিত খণ্ড বিচাৰপীঠে প্ৰদান কৰিব ৰায়। যোৱা ১৭ ডিচেম্বৰত অন্ত পৰিছিল শুনানি প্ৰক্ৰিয়া। উচ্চ ন্যায়ালয়ত অখিল গগৈৰ হৈ যুক্তি দৰ্শাইছিল উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হুজেফা এহমদীয়ে। NIAক প্ৰতিনিধিত্ব কৰিছিল দেশৰ Additional Solicitor General এছ কে ৰাজুৱে।

যদিও আন বহুকেইটা গোচৰত অখিল গগৈয়ে জামিন পালে, কিন্তু UAPAৰ গোচৰত তেওঁ এতিয়াও জামিন পোৱা নাই আৰু সেই কাৰণেই  কাষ চাপিছিল উচ্চ ন্যায়ালয়ৰ।  অখিলৰ বিৰুদ্ধে ‘Unlawful Activities Prevention Act’ৰ দফা ১৮ আৰু ৩৯ৰ অধীনত গোচৰ ৰুজু কৰিছিল NIA-এ। অভিযোগনামাত দুজন পৰিচয় গোপনে ৰখা সাক্ষীৰ ভাষ্যৰ ভিত্তিত অখিল গগৈ আৰু তেওঁৰ সংগঠনৰ মাওবাদী সন্ত্ৰাসবাদীৰে সংযোগ থকাৰ কথা কোৱা হৈছে। নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ সময়ত তেওঁ অৰ্থনৈতিক অৱৰোধৰ হুংকাৰ দি দেশৰ অৰ্থনৈতিক সুৰক্ষাৰ প্ৰতি ভাবুকি নমাই আনিছিল বুলিও অভিযোগনামাত উল্লেখ কৰা হৈছে ।

২০১৯চনৰ ডিচেম্বৰৰ ১১ তাৰিখে সংসদত গৃহীত হৈছিল নাগৰিকত্ব সংশোধনী বিধেয়ক। সেই সময়তে সমগ্ৰ অসমত আইনখনৰ বিৰুদ্ধে হৈছিল তুমূল প্ৰতিবাদ। প্ৰতিবাদক নেতৃত্ব দিছিল সদৌ অসম ছাত্ৰ সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতিয়তাবাদী  যুৱ ছাত্ৰ পৰিষদ আদি সংগঠনে । ১২ ডিচেম্বৰৰ দিনা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক উজনি অসমৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল ।

পৰৱৰ্তী সময়ত তদন্তকাৰী  সংস্থা ‘National Investigation Agency (NIA)’য়ে অখিলক জিম্মাত লৈছিল। ডিচেম্বৰৰ ২৫ তাৰিখে অখিলক ডিব্ৰুগড়ৰ পৰা গুৱাহাটী কাৰাগাৰলৈ স্থানান্তৰ কৰা হৈছিল আৰু তেতিয়াৰ পৰাই জে’লতেই দিন পাৰ কৰিছে কৃষক নেতাগৰাকীয়ে।
Published by: Himangshu Bhuyan
First published: January 6, 2021, 9:11 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading