উচ্চতম ন্যায়ালয়ে আজি NIAৰ গোচৰত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা কৃষক নেতা অখিল গগৈয়ে 'inrerim relief' আৰু protection বিচাৰি কৰা আবেদন খাৰিজ কৰিছে । একেখন আবেদনতে গগৈয়ে NIA-এ পঞ্জীয়ন কৰা অন্তিমটো গোচৰো (RC - 01/2020/NIA/GUW) সংলগ্ন কৰিবলৈ প্রার্থনা জনাইছিল।
গগৈৰ এই প্ৰাৰ্থনাৰো মুকৰ্দমা নিষ্পত্তি কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে। ন্যায়াধীশ অৰুণ মিশ্ৰ, ন্যায়াধীশ আব্দুল নাজীৰ আৰু ন্যায়াধীশ ইন্দিৰা বেনাৰ্জীৰে গঠিত এখন তিনিজনীয়া বিচাৰপীঠে আজি প্ৰথম শুনানি গ্ৰহণ কৰি আবেদন খনৰ মোকৰ্দমা নিষ্পত্তি কৰে । গোচৰটোৰে জড়িত এজন অধিবক্তাই News18ক জনোৱা মতে – Special Leave Petition খন উচ্চতম ন্যায়ালয়ত নিষ্পত্তি কৰি ন্যায়াধীশ কেইগৰাকীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ক গোচৰটোৰ শুনানি তৰান্বিত কৰিবলৈ নিৰ্দেশ দিছে । যোৱা জুনৰ ২৯ তাৰিখে অধিবক্তাৰ যোগেদি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল গগৈ ।
উল্লেখযোগ্য যে অহা জুলাইৰ ১৩ তাৰিখে গুৱাহাটী উচ্চ ন্যায়ালয়ে অখিল গগৈৰ একেধৰণৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব । গগৈয়ে NIA-এ লোৱা উপৰোক্ত গোচৰটো আন কেইটাৰে একধৰণৰ হোৱাৰ যুক্তি দৰ্শাই সেই গোচৰতোৰ সংলগ্ন কৰি শুনানি গ্ৰহণ কৰাটো বিচৰিছল । সেই গোচৰ আৰু গোচৰৰে জড়িত NIA আদালতৰ নিৰ্দেশ সমূহ কাৰ্যকৰী হোৱাত স্থগতাদেশ বিচাৰিও কাষ চাপিছিল উচ্চতম ন্যায়ালয়ৰ ।
আনহাতে NIA আদালতে গগৈক জামিন প্ৰদান কৰাৰ পাছত; তদন্তকাৰী প্ৰতিষ্ঠানটো কাষ চাপিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ । গুৱাহাটী উচ্চ ন্যায়ালয়ে পাছত গগৈৰ জামিনৰ নির্দেশত স্থগতাদেশ জাৰি কৰিছিল ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|