ৰাজ্যত আকৌ CAB বিৰোধী আন্দোলন, আটক অখিল গগৈ সহ শতাধিক প্ৰতিবাদকাৰী

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহিত কৰিবলৈ বদ্ধ পৰিকৰ কেন্দ্ৰীয় চৰকাৰ। ইতিমধ্যে এই সম্পৰ্কে স্পষ্ট ইংগিত দিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে

News18-Assam
Updated:October 11, 2019, 3:47 PM IST
ৰাজ্যত আকৌ CAB বিৰোধী আন্দোলন, আটক অখিল গগৈ সহ শতাধিক প্ৰতিবাদকাৰী
জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহিত কৰিবলৈ বদ্ধ পৰিকৰ কেন্দ্ৰীয় চৰকাৰ। ইতিমধ্যে এই সম্পৰ্কে স্পষ্ট ইংগিত দিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে
News18-Assam
Updated: October 11, 2019, 3:47 PM IST
জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহিত কৰিবলৈ বদ্ধ পৰিকৰ কেন্দ্ৰীয় চৰকাৰ। ইতিমধ্যে এই সম্পৰ্কে স্পষ্ট ইংগিত দিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। সেইদৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাইয়ো প্ৰতিদিনে দৰ্শাই আহিছে CAB ৰ সপক্ষে যুক্তি। ফলত ৰাজ্যত আকৌ আৰম্ভ হৈছে অসমীয়া ভাষা, সাহিত্যলৈ ভাবুকি স্বৰূপ বুলি দাবী কৰা CAB ৰ বিৰুদ্ধে প্ৰতিবাদ।

আজিৰে পৰা ‘জাতিধ্বংসী’ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ অসমতে অভিযান আৰম্ভ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীৰে মহানগৰীৰ মেঘদূত ভৱনৰ সন্মুখত আজি  হাতে হাতে CAB বিৰোধী প্লে কাৰ্ডলৈ অখিল গগৈৰ নেতৃত্বত শতাধিক প্ৰতিবাদকাৰীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল। প্ৰতিবাদস্থলীত অখিল গগৈয়ে কয় যে, অসমত কোনো কাৰণতে CAB মানি লোৱা নহ’ব।



ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদান কৰি ২ কোটি হিন্দু বাংলাদেশীক আদৰিব খোজা চৰকাৰৰ এই প্ৰস্তাৱ কোনো কাৰণতে মানি নলয় অসমবাসীয়ে।  অখিল গগৈৰ মতে, CAB গৃহিত হ’লে অসমত বাঙালী ভাষা হ’ব ৰাজ্য ভাষা। অমিত শ্বাহেই কওঁক বা প্ৰধান মন্ত্ৰীয়েই কওঁক, নতুনকৈ এজন বিদেশীয়ো অসম বা উত্তৰ-পূৰ্বাঞ্চলে ল’ব নোৱাৰো। আমাক হিন্দু-মুছলমান বাংলাদেশী নালাগে।’

কিন্তু প্ৰতিবাদ চলি থকাৰ সময়তে মহানগৰ আৰক্ষীয়ে কৃষক নেতা অখিল গগৈ আৰু তেওঁৰ সতীৰ্থসকল আটক কৰে। যদিও চৰকাৰে গণতান্ত্ৰিক প্ৰতিবাদক দমন কৰিব খোজিছে তথাপিও কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অব্যাহত ৰাখিব CAB বিৰোধী প্ৰতিবাদ।  শদিয়াৰ পৰা ধুবুৰীলৈকে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰচাৰ অভিযান চলিব বুলি অখিল গগৈয়ে উল্লেখ কৰি  অসমৰ প্ৰতিখন গাঁও, চহৰ-নগৰ, চৰ অঞ্চলত বিধেয়ক বিৰোধী গোহাৰি বিতৰণ কৰিব বুলি কয় অখিল গগৈয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি