உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • প্ৰথম পৰ্যায়ত কিমান আসনত প্ৰতিদ্বন্দ্বিতা কৰিব AJP–ৰাইজৰ দলে? কি ক’লে লুৰিণ জ্যোতি গগৈয়ে?

    প্ৰথম পৰ্যায়ত কিমান আসনত প্ৰতিদ্বন্দ্বিতা কৰিব AJP–ৰাইজৰ দলে? কি ক’লে লুৰিণ জ্যোতি গগৈয়ে?

    File Photo

    File Photo

    প্ৰথম পৰ্যায়ত গৰিষ্ঠসংখ্যক আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সিদ্ধান্ত দল দুটাৰ৷

    • Share this:
    গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ সভাপতিৰ গুৰুত্বপূৰ্ণ বৈঠক৷ আগন্তক নিৰ্বাচনত দুই দলৰ প্ৰাৰ্থী তালিকা সন্দৰ্ভত আলোচনা অখিল গগৈ আৰু লুৰিণ জ্যোতি গগৈৰ৷ দুই দলৰ সভাপতিৰ বৈঠকৰ অন্তত লুৰিণ জ্যোতি গগৈৰ মন্তব্য – অচিৰেই প্ৰকাশ পাব মিত্ৰজোঁটৰ প্ৰাৰ্থী তালিকা৷

    প্ৰথম পৰ্যায়ত গৰিষ্ঠসংখ্যক আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সিদ্ধান্ত দল দুটাৰ৷ উল্লেখযোগ্য যে দুই দলৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে আহিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল৷ কেজৰিৱালৰ আগমনক লৈ ইতিমধ্যে যোগাযোগ অব্যাহত থকা বুলি মন্তব্য লুৰিণজ্যোতি গগৈৰ৷

    ইপিনে, BPF মহাজোটবন্ধনত যোগদান কৰাৰ পিছতে বড়োভূমিত কি হ’ব বুলি সাংবাদিকে কৰা প্ৰশ্নক লৈ AJPৰ সভাপতিগৰাকীৰ মন্তব্য – বড়োভূমিত নতুন নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত হৈছে। এই বৈঠকৰ পিছতে ৰাইজৰ দলৰ অন্যতম ভাস্কো ডি শইকীয়াৰ মত, BJPক পৰাভূত কৰাৰ লক্ষ্যৰে প্ৰথম পৰ্যায়ত দলটোৱে আগবঢ়াব প্ৰাৰ্থী৷ যিকোনো পৰ্যায়ত বিজেপি পৰাভূত হ’বই লাগিব৷ অচিৰেই AJP–ৰাইজৰ দলৰ তালিকা প্ৰকাশ পাব৷ অখিল গগৈ আৰু লুৰিণ জ্যোতি গগৈৰ সমষ্টিও অচিৰেই প্ৰকাশ কৰা হ’ব।
    Published by:Sanjay Kumar Das
    First published: