কোনটো সমষ্টিত খেলিম, কোনটো মিত্ৰদললৈ এৰিম! GMCHত লুৰিণ-অখিলৰ ৰুদ্ধদ্বাৰ বৈঠক, আজি সন্ধিয়ালৈ প্ৰকাশ পাব পাৰে ৰাইজৰ দলৰ প্ৰাৰ্থী তালিকা!

News18 Assam | News18-Assam
Updated:March 1, 2021, 4:18 PM IST
কোনটো সমষ্টিত খেলিম, কোনটো মিত্ৰদললৈ এৰিম! GMCHত লুৰিণ-অখিলৰ ৰুদ্ধদ্বাৰ বৈঠক,  আজি সন্ধিয়ালৈ প্ৰকাশ পাব পাৰে ৰাইজৰ দলৰ প্ৰাৰ্থী তালিকা!
প্ৰথম পৰ্যায়ত ৰাইজৰ দল আৰু AJP য়ে  ২০টা সমষ্টিত প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনা আছে।

প্ৰথম পৰ্যায়ত ৰাইজৰ দল আৰু AJP য়ে  ২০টা সমষ্টিত প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনা আছে।

  • Share this:
প্ৰথম পৰ্য়ায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। প্ৰতিটো ৰাজনৈতিক দলেই এতিয়া আৰম্ভ কৰিছে প্ৰাৰ্থী বাচনিৰ কাম-কাজ। কোনে, কোন সমষ্টিত লাভ কৰিব দলীয় প্ৰাৰ্থীত্ব? এইলৈ এতিয়া ব্যস্ত সকলো দলৰে প্ৰাৰ্থীত্ব প্ৰত্যাশীসকল। তাৰ মাজতে আসন বুজাবুজিকলৈ GMCHত ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হৈছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ।

আমাৰ হাতত আহি পৰা তথ্য মতে, প্ৰথম পৰ্যায়ত ৰাইজৰ দল আৰু AJP য়ে  ২০টা সমষ্টিত প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনা আছে। প্ৰায় নিশ্চিত হৈছে  টিয়ক, নাহৰকটীয়া, ডুলীয়াজান, শিৱসাগৰ সমষ্টিত প্ৰতিদ্বন্দিতা কৰাটো। আনহাতে কোন কেইটা সমষ্টিত ৰাইজৰ দলে প্ৰতিদ্বন্দিতা কৰিব আৰু কোন কেইটা সমষ্টিত অসম জাতীয় পৰিষদে যুঁজ দিব, সেইলৈ এতিয়া অখিল গগৈ, লুৰিণজ্যোতি গগৈৰ অব্যাহত আছে আলোচনা। বৈঠকত উপস্থিত আছে ৰাইজৰ দলৰ নেতা ভাস্কো দি শইকীয়া।



ইফালে আজিৰ দিনটোতে চূড়ান্ত হ'ব ৰাইজৰ দলৰ প্ৰাৰ্থীৰ তালিকা।  সন্ধিয়া ভাগলৈ তালিকা ঘোষণাৰ সম্ভাৱনা। আজিৰ বৈঠকতে দুয়োটা আঞ্চলিক দলে চূড়ান্ত কৰিব উজনি অসমৰ বাবে প্ৰাৰ্থী তালিকা।
Published by: Himangshu Bhuyan
First published: March 1, 2021, 4:18 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি