শিৱসাগৰৰ হোটেল স্কাইছেফত সোমবাৰে নিশা অখিল গগৈ আৰু ভূপেন বৰাৰ মাজত অনুষ্ঠিত হয় এখন ৰুদ্ধদ্বাৰ বৈঠক। প্ৰায় তিনিঘণ্টা ধৰি হযোৱা বৈঠকত মূলতঃ উপনিৰ্বাচন সম্পৰ্কে আলোচনা কৰা বুলি জানিব পৰা গৈছে।
শিৱসাগৰৰ হোটেল স্কাইছেফত সোমবাৰে নিশা অখিল গগৈ আৰু ভূপেন বৰাৰ মাজত অনুষ্ঠিত হয় এখন ৰুদ্ধদ্বাৰ বৈঠক। প্ৰায় তিনিঘণ্টা ধৰি হযোৱা বৈঠকত মূলতঃ উপনিৰ্বাচন সম্পৰ্কে আলোচনা কৰা বুলি জানিব পৰা গৈছে।
উজনিৰ তিনিটা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নতুন সমীকৰণত ব্যস্ত হৈ পৰিছে কংগ্ৰেছ (Congress) আৰু ৰাইজৰ দল (Raijor Dal)।
জ্যেষ্ঠ কংগ্ৰেছ নেতা শৰৎ বৰকটকীয়ে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ (Akhil gogoi)ৰ বিৰুদ্ধে মন্তব্য কৰিলেও অসম প্ৰদেশ কংগ্ৰেছ কমিটী (APCC)ৰ সভাপতি ভূপেন বৰা (Bhupen Borah)ৰ স্থিতি বিপৰীত দিশে গতি কৰা পৰিলক্ষিত হৈছে।
বিশেষকৈ শিৱসাগৰৰ হোটেল স্কাইছেফত সোমবাৰে নিশা অখিল গগৈ আৰু ভূপেন বৰাৰ মাজত অনুষ্ঠিত হয় এখন ৰুদ্ধদ্বাৰ বৈঠক। প্ৰায় তিনিঘণ্টা ধৰি হয় ৰুদ্ধদ্বাৰ বৈঠক।
বৈঠকত মূলতঃ অহা উপনিৰ্বাচন সম্পৰ্কতে আলোচনা কৰা বুলি জানিব পৰা গৈছে।
লক্ষণীয় যে AIUDFৰ সৈতে মিত্ৰতা হ'লে উপনিৰ্বাচনত কংগ্ৰেছৰ সৈতে মিত্ৰতা নকৰে বুলি স্পষ্ট কৰি দিছে অখিল গগৈয়ে। লগতে উপনিৰ্বাচনত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী প্ৰদানৰ কথাও কৈছিল অখিল গগৈয়ে।
উল্লেখ্য যে উজনি অসমৰ তিনি সমষ্টি মাজুলী, মৰিয়নি আৰু থাওৰাত হ'ব উপ-নিৰ্বাচন। ইয়াৰ লগতে তামুলপুৰ আৰু গোসাঁইগাঁও সমষ্টিটো হ'ব উপনিৰ্বাচন। কিন্তু এই পৰ্যন্ত কোনো বুজাবুজিত উপনীত হ'ব পৰা নাই কংগ্ৰেছ আৰু ৰাইজৰ দল।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|