உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বোকাখাত সমষ্টিত প্ৰাৰ্থিত্বক লৈ অগপ–বিজেপিৰ মাজত যুজঁ!

    বোকাখাত সমষ্টিত প্ৰাৰ্থিত্বক লৈ অগপ–বিজেপিৰ মাজত যুজঁ!

    ২০২১ৰ নিৰ্বাচনত বোকাখাত সমষ্টিত বিজেপিৰ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰিবৰ বাবে ৰাজ্যিক সমিতিক দাবী জনাব বুলি আকাশ ফুকনে মন্তব্য কৰে৷

    ২০২১ৰ নিৰ্বাচনত বোকাখাত সমষ্টিত বিজেপিৰ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰিবৰ বাবে ৰাজ্যিক সমিতিক দাবী জনাব বুলি আকাশ ফুকনে মন্তব্য কৰে৷

    ২০২১ৰ নিৰ্বাচনত বোকাখাত সমষ্টিত বিজেপিৰ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰিবৰ বাবে ৰাজ্যিক সমিতিক দাবী জনাব বুলি আকাশ ফুকনে মন্তব্য কৰে৷

    • Share this:
    ২০২১ৰ নিৰ্বাচনত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ জনপ্ৰিয়তাৰ ওপৰত সৰ্বভাৰতীয় এক সংস্থাই প্ৰকাশ কৰা সমীক্ষাত বোকাখাত সমষ্টিৰ বিধায়ক অতুল বৰাৰ জনপ্ৰিয়তাৰ হাৰ মাত্ৰ ২১%৷ ইয়াৰ বিপৰীতে বোকাখাত বিজেপিৰ যুৱ নেতা আকাশ ফুকনৰ জনপ্ৰিয়তাৰ হাৰ ৪৭% ৷ ইয়াকে লৈ উৎসাহিত হৈ পৰিছে বোকাখাত সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আকাশ ফুকন৷

    আকাশ ফুকনে সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে, বোকাখাতৰ বিজেপিৰ কৰ্মকৰ্তাসকলে আগন্তুক বিধানসভা নিৰ্বাচনত অগপ–বিজেপিৰ মিত্ৰতা বিচাৰিলেও বোকাখাত সমষ্টিতো এইবাৰ অগপক এৰি দিব বিচৰা নাই৷ যিহেতু দলৰ অনুশাসন মানি যোৱা নিৰ্বাচনত সমষ্টিটো অগপক এৰি দিয়া হ’ল৷ গতিকে এইবাৰ সমষ্টিটোত বিজেপি দলৰ প্ৰাৰ্থীক প্ৰক্ষেপ কৰাৰ বাবে বিজেপিৰ বোকাখাতৰ কৰ্মকৰ্তা সকলে গুনাগঁঠা কৰিছে৷

    ২০২১ৰ নিৰ্বাচনত বোকাখাত সমষ্টিত বিজেপিৰ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰিবৰ বাবে ৰাজ্যিক সমিতিক দাবী জনাব বুলি আকাশ ফুকনে মন্তব্য কৰে৷ লগতে তেওঁ কয় যে যোৱা পাঁচটা বছৰ বোকাখাতৰ বিধায়কগৰাকীয়ে বিজেপিৰ কৰ্মকৰ্তা সকলৰ লগত সু-সম্পৰ্ক ৰখাৰ পৰা বিৰত থাকিল৷ কিন্তু নিৰ্বাচনৰ সময়ত বিজেপিৰ কৰ্মকৰ্তাসকলে সম্পূৰ্ণ সহযোগ আগ বঢ়াইছিল৷

    এনেক্ষেত্ৰত বিজেপিৰ সদস্যসকলৰ মাজত অসন্তুষ্টিয়ে দেখা দিছে৷ আনহাতে, সমীক্ষা মতে, জনপ্ৰিয়তাৰ দ্বিতীয় স্থানত আছে প্ৰাক্তন নিৰ্দলীয় বিধায়ক জিতেন গগৈ। বোকাখাত সমষ্টিৰ ৩০% ভোটাৰে বিচাৰে জিতেন গগৈক।
    Published by:Sanjay Kumar Das
    First published: