নলবাৰীত সাংবাদিক নিগ্ৰহৰ প্ৰতিবাদত ৰাজপথত নামিল AJYCP

উল্লেখযোগ্য যে সাংবাদিক অনিমেশ বৰ্মনক ড্ৰাগছ মাফিয়াই দিন দুপৰতে ৰাজপথত আগুৰি ধৰি বৰ্বৰভাৱে প্ৰহাৰ কৰি হত্যাৰ অপচেষ্টা চলাইছিল।
উল্লেখযোগ্য যে সাংবাদিক অনিমেশ বৰ্মনক ড্ৰাগছ মাফিয়াই দিন দুপৰতে ৰাজপথত আগুৰি ধৰি বৰ্বৰভাৱে প্ৰহাৰ কৰি হত্যাৰ অপচেষ্টা চলাইছিল।
- News18 Assam
- Last Updated: October 13, 2020, 3:13 PM IST
প্ৰতিবাদকাৰীয়ে সৰ্থেবাৰী-নলবাৰী ৰাজ্যিক ঘাইপথ অৱৰোধ কৰি উত্তাল কৰিলে পৰিৱেশ। ইয়াৰ পিছতে প্ৰতিবাদকাৰীসকলে পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে। সাংবাদিক আক্ৰমণকাৰীক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ দাবী জনোৱাৰ লগতে ড্ৰাগছৰ মুকলি বেহা বন্ধ কৰাৰ দাবী উত্থাপন কৰে।
উল্লেখযোগ্য যে সাংবাদিক অনিমেশ বৰ্মনক ড্ৰাগছ মাফিয়াই দিন দুপৰতে ৰাজপথত আগুৰি ধৰি বৰ্বৰভাৱে প্ৰহাৰ কৰি হত্যাৰ অপচেষ্টা চলাইছিল। কিন্তু আজিলৈকে এই কাণ্ডৰ লগত জড়িত অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহ'ল আৰক্ষী। এই প্ৰতিবাদত যুৱ ছাত্ৰ পৰিষদৰ লগতে পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থা আৰু পশ্চিম নলবাৰী প্ৰেছ ক্লাবৰ প্ৰতিনিধি উপস্থিত থাকি সহযোগ কৰে।