শীঘ্ৰে যদি চৰকাৰে সংগঠনটোৰ দাবীসমূহ মানি নলয় তেন্তে ভৱিষ্যতে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে সংগঠনতোৰ নেতাসকলে।
শীঘ্ৰে যদি চৰকাৰে সংগঠনটোৰ দাবীসমূহ মানি নলয় তেন্তে ভৱিষ্যতে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে সংগঠনতোৰ নেতাসকলে।
নাগৰিক সংশোধনী আইন বাতিলৰ দাবীত আজি পুৱাৰে পৰা অসম জাতীয়তাবাদী যুৱ পৰিষদৰ গোলাঘাট জিলা সমিতিয়ে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপৰ ত্ৰিমূৰ্তি ক্ষেত্ৰত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে। বিজেপি চৰকাৰ গ’ বেক, ৰাজ্য চৰকাৰ মুৰ্দাবাদ, ‘কা’ আমি নামানো আদি বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে সমগ্ৰ অঞ্চলৰ আকাশ বতাহ।
শীঘ্ৰে যদি চৰকাৰে সংগঠনটোৰ দাবীসমূহ মানি নলয় তেন্তে ভৱিষ্যতে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে সংগঠনতোৰ নেতাসকলে। আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক জিতুল ৰাজখোৱা, প্ৰচাৰ সম্পাদক ৰিণ্টু দত্ত, জিলা সমিতিৰ সভাপতি আব্দুল হাছিম, সম্পাদক নিকুঞ্জ মেধি আদিকে ধৰি সংগঠনটোৰ শতাধিক নেতা–কৰ্মীয়ে অংশগ্ৰহণ কৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|