কংগ্ৰেছৰ আশাত চেঁচাপানী, কংগ্ৰেছ-এআইইউডিএফৰ প্ৰস্তাৱিত মহাজোঁটত অংশগ্ৰহণ নকৰে আছু-এজেৱাইচিপিৰ নতুন আঞ্চলিক দলে

News18 Assam | News18-Assam
Updated:September 2, 2020, 10:06 AM IST
কংগ্ৰেছৰ আশাত চেঁচাপানী, কংগ্ৰেছ-এআইইউডিএফৰ প্ৰস্তাৱিত মহাজোঁটত অংশগ্ৰহণ নকৰে আছু-এজেৱাইচিপিৰ নতুন আঞ্চলিক দলে
সংগঠনটোৰ কেন্দ্ৰীয় নেতাগৰাকীৰ মতে, যিসকল শিল্পীয়ে বিজেপিত যোগদান কৰিছে তেওঁলোক পূৰ্বৰে পৰা বিজেপিৰ লগত জড়িত।

সংগঠনটোৰ কেন্দ্ৰীয় নেতাগৰাকীৰ মতে, যিসকল শিল্পীয়ে বিজেপিত যোগদান কৰিছে তেওঁলোক পূৰ্বৰে পৰা বিজেপিৰ লগত জড়িত।

  • News18 Assam
  • Last Updated: September 2, 2020, 10:06 AM IST
  • Share this:
‘‘সকলো ধৰণৰ সাম্প্ৰদায়িক শক্তিয়ে অসমৰ বাবে ক্ষতিকাৰক। কোনোধৰণৰ সাম্প্ৰদায়িক শক্তিৰে মিত্ৰতা উচিত নহয়। এআইইউডিএফৰ বিষয়ে কোৱাৰ কোনো প্ৰয়োজন নাই। সেই বিষয়ে অসমৰ ৰাইজে জানে।" – নগাঁৱত এই মন্তব্য কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে। চাংমাইয়ে লগতে কয়, আমি সদায় সংসদীয় ৰাজনীতিৰ বাহিৰত থাকিয়ে অসমৰ বাবে কাম কৰি যাম। কিন্তু কা আন্দোলনৰ সময়ত ৰাইজে বিচৰা তৃতীয় বিকল্পৰ প্ৰতি সন্মান জনাই পৰামৰ্শদাতা কমিটী গঠন কৰা হৈছে আৰু সেই কমিটীৰ সিদ্ধান্ত অনুসৰিয়ে পৰৱৰ্তী কাৰ্যপন্থা সমূহ লোৱা হ'ব।

সংগঠনটোৰ কেন্দ্ৰীয় নেতাগৰাকীৰ মতে, যিসকল শিল্পীয়ে বিজেপিত যোগদান কৰিছে তেওঁলোক পূৰ্বৰে পৰা বিজেপিৰ লগত জড়িত। যোগদান পৰ্ব বিজেপিৰ মাথোঁ এক নাটকহে। এই যোগদানে কা আন্দোলনক কোনো ক্ষতি কৰিব নোৱাৰে বুলিও তেওঁ মন্তব্য কৰে। আনহাতে, তৰুণ গগৈ, ৰিপুণ বৰাৰ লগতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাই আছূ-এজেৱাইচিপিয়ে কংগ্ৰেছৰ মহাজোঁটত অংশগ্ৰহণ কৰাক লৈ আশাবাদী হৈ থকাৰ সময়তে পলাশ চাংমাইৰ মন্তব্যই কংগ্ৰেছ নেতৃত্বৰ আশাত যে চেঁচাপানী ঢালিব সেয়া নিশ্চিত।
ইপিনে যতীন বৰা সন্দৰ্ভত পলাশ চাংমাইয়ে কয়, যতীন বৰাই কা আন্দোলনত মাত্ৰ এটা দিনৰ বাবেই গৈছিল। লতাশিল খেলপথাৰত যোৱাৰ বাহিৰে তেওঁক কোনোদিনেই কা আন্দোলনৰ সৈতে জড়িত হোৱা নাছিল। কিন্তু জুবিন গাৰ্গে কা আন্দোলনত নিজৰ পকেটৰ পইচা খৰচ কৰি আন্দোলন কৰিছিল আৰু জুবিন গাৰ্গে ৰাজনৈতিক দলত কেতিয়াও যোগদান নকৰে।
Published by: Sanjay Kumar Das
First published: September 2, 2020, 10:06 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি