• Home
  • »
  • News
  • »
  • assam
  • »
  • HSLC, HS RESULTS 2021: ৰণোজ পেগুক সাক্ষাৎ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ, কি ক'লে শিক্ষামন্ত্ৰীক?

HSLC, HS RESULTS 2021: ৰণোজ পেগুক সাক্ষাৎ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ, কি ক'লে শিক্ষামন্ত্ৰীক?

শিক্ষাৰ্থীক মানসিক শাস্তি দিয়া বুলি অভিযোগ তোলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে।

শিক্ষাৰ্থীক মানসিক শাস্তি দিয়া বুলি অভিযোগ তোলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে।

শিক্ষাৰ্থীক মানসিক শাস্তি দিয়া বুলি অভিযোগ তোলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে।

  • Share this:

ৰাজ্যৰ শেহতীয়া উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বিশেষজ্ঞ কমিটীয়ে দাখিল কৰা প্ৰতিবেদনৰ ভিত্তিত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলক লৈ ৰাজহুৱা কৰিছে কিছু কথা ৷ আনহাতে এই প্ৰতিবেদনৰ ভিত্তিতে স্থিৰ কৰিছে উক্ত নপতা পৰীক্ষাৰ মূল্যাংকন ৷ পিছে এই মূল্যাংকন ব্যৱস্থাৰে শিক্ষা বিভাগৰ টেট পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুযোগ হেৰুৱাব প্ৰাৰ্থীসকলে ৷ কিয়নো চলিত বছৰত এই মূল্যাংকন ব্যৱস্থাত উত্তীৰ্ণ প্ৰাৰ্থীসকলে সকলো চৰকাৰী চাকৰি লাভ কৰিব যদিও শিক্ষকৰ যোগ্যতা নিৰ্ণয়ৰ পৰীক্ষাত বহিব নোৱাৰিব বুলি স্পষ্ট কৰিছে ৷


ৰাজ্য চৰকাৰ তথা শিক্ষা বিভাগৰ এই ঘোষণাৰ পিছতে স্বাভাৱিকতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে চৌদিশে ৷ দেওবাৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুক সাক্ষাৎ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এটা সঁজাতী দলে ৷ দলটোৱে শিক্ষামন্ত্ৰীক সাক্ষাৎ কৰি স্পষ্ট কৰি দিছে যে পৰীক্ষা পাতিলে সোনকালে অনুষ্ঠিত কৰক, অন্যথা মূল্যাংকন কৰা এখন মাৰ্কশ্বীটৰ ভিত্তিত চাকৰিৰ ক্ষেত্ৰত প্ৰযোজ্য নীতি প্ৰৱৰ্তন কৰক ৷ নহ'লে এইসকল প্ৰাৰ্থীৰ ক্ষেত্ৰত প্ৰভেদ কৰা হ'ব ৷ কিয়নো কোনো কাৰণতে বাকী প্ৰাৰ্থীৰ লগত এইলোক পৃথক নহয় ৷ মাথোঁ পৰিৱেশ–পৰিস্থিতিৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰিলে তেওঁলোকে ৷ তেন্তে প্ৰাৰ্থীসকলৰ দোষ ক'ত? মিছাতে চৰকাৰে শিক্ষাৰ্থীক মানসিক শাস্তি দিয়া বুলি অভিযোগ তোলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে।

Published by:Gautam Barman
First published: