• Home
  • »
  • News
  • »
  • assam
  • »
  • মানৱীয়তাৰ নিৰ্দশন, কৰুণাৰ মৃতদেহ সৎকাৰৰ বাবে আগবাঢ়ি আহিল অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ

মানৱীয়তাৰ নিৰ্দশন, কৰুণাৰ মৃতদেহ সৎকাৰৰ বাবে আগবাঢ়ি আহিল অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ

এইগৰাকী মহিলাৰে তিনিবছৰীয়া পুত্ৰক এক চক্ৰই চিকিৎসালয়ৰ পৰাই বিক্ৰী কৰাৰ লগতে দহবছৰীয়া কন্যা সন্তানটি চিকিৎসালয়ৰ পৰাই নিৰুদ্দেশ হৈছিল। পিছত আৰক্ষীয়ে সন্তান দুটিক উদ্ধাৰ কৰিছিল।

  • Share this:
ৰহস্যজনকভাৱে অগ্নিদগ্ধ হৈ মৃত্যুক সাবটি লোৱা কৰুণা মুন্দা নামৰ মহিলাগৰাকীৰ মৃতদেহ যোৱা ৫ ছেপ্টেম্বৰৰ পৰা নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ মৰ্গত পৰি আছিল যদিও অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে অসহায় মহিলাগৰাকীৰ শেষকৃত্য সম্পন্ন কৰি মানৱতাৰ নিদৰ্শন দাঙি ধৰে। পৰিষদৰ নগাঁও জিলা সমিতিয়ে শুকুৰবাৰে চিকিৎসালয় কৰ্তৃপক্ষৰ পৰা মৃতদেহটো চমজি লৈ স্থানীয় মধুপুৰ শ্মশানত সৎকাৰৰ ব্যৱস্থা কৰে।

উল্লেখ্য, এইগৰাকী মহিলাৰে তিনিবছৰীয়া পুত্ৰক এক চক্ৰই চিকিৎসালয়ৰ পৰাই বিক্ৰী কৰাৰ লগতে দহবছৰীয়া কন্যা সন্তানটি চিকিৎসালয়ৰ পৰাই নিৰুদ্দেশ হৈছিল। পিছত আৰক্ষীয়ে সন্তান দুটিক উদ্ধাৰ কৰিছিল।

জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে মহিলাগৰাকীৰ শৱ দাহ কৰাৰ পিছত এক বিবৃতিযোগে জনায় যে ঢেকীয়াজুলিৰ মুনাবা চাহ বাগিচাৰ নিবাসী কৰুণা মুন্দা যোৱা ১১ আগষ্ট তাৰিখে নগাঁৱৰ এটি ইটা ভাটাত কৰ্মৰত অৱস্থাত অগ্নিদগ্ধ হোৱাৰ পিছত নগাঁ‌ও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত প্ৰাণ হেৰুৱায়। যিহেতু মহিলাগৰাকীয়ে ইটা ভাটাত কৰ্মৰত অৱস্থাত অগ্নিদগ্ধ হৈছে সেয়ে ইটা ভাটাৰ স্বত্বাধিকাৰীগৰাকীৰ দায়িত্ব আছিল মহিলাগৰাকীৰ চিকিৎসাৰ ব্যৱস্থা কৰা, কিন্তু তেওঁ কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে। সেয়েহে এই গোটেই বিষয়টো তদন্ত কৰি নিৰ্যাতিতা মহিলাগৰাকীক ন্যায় প্ৰদান কৰিবলৈ আৰক্ষী প্ৰসাশনক দাবী জনোৱাৰ লগতে  ইটা ভাটাৰ স্বত্বাধিকাৰীগৰাকীক তদন্তৰ আওতালৈ  আনিবলৈ দাবী জনায়।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি