অসম চৰকাৰৰ বিদ্যালয় একত্ৰীকৰণ প্ৰক্ৰিয়াৰ বিৰুদ্ধে সৰৱ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পলাশ চাংমাই। চৰকাৰৰ বিদ্যালয় একত্ৰীকৰণৰ সিদ্ধান্তক ক্ষুৰধাৰ সমালোচনা ছাত্ৰ নেতাগৰাকীৰ। শনিবাৰে সন্ধিয়া নলবাৰীত অসম জাতীয়তাবাদী ছাত্ৰ পৰিষদৰ উদ্যোগত অনুষ্ঠিত এক অনুষ্ঠানত অংশ লৈ চাংমাইয়ে চৰকাৰৰ বিদ্যালয় একত্ৰীকৰণৰ সিদ্ধান্ত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানক উৎসাহ যোগাবলৈ গ্ৰহণ কৰা চৰকাৰৰ এক পৰিকল্পনা বুলি মন্তব্য কৰে।
তেওঁ চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে সকলোকে সজোঁৰে প্ৰতিবাদ সাৱ্যস্ত কৰিবলৈ আহ্বান জনায়। লগতে বিদ্যালয় একত্ৰীকৰণ কৰিলেই সমস্যাৰ সমাধান হৈ নাযায় বুলি মন্তব্য কৰি চৰকাৰে সমস্যাৰ গুৰি নিৰূপণ কৰাত ব্যৰ্থ হোৱাৰো তেওঁ অভিযোগ কৰে।
উল্লেখ্য যে, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ অভাৱ, শিক্ষকৰ অভাৱ আদি ক্ষেত্ৰত চৰকাৰৰ সঠিক পৰিকল্পনা নোহোৱাৰ বাবেই চৰকাৰী বিদ্যালয়সমূহ বন্ধ হ'বলগা হ'ল বুলি তেওঁ চৰকাৰক তীক্ষ্ণ সমালোচনা কৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|