মুখ্যপৃষ্ঠা » খবৰ

» অসম

»১৮টা বন্যহস্তীৰ মৃত্যুৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ ঘোষণাক আদৰণি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ

১৮টা বন্যহস্তীৰ মৃত্যুৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ ঘোষণাক আদৰণি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ

News18 Assam | News18-Assam
Updated:July 8, 2021, 12:09 PM IST
১৮টা বন্যহস্তীৰ মৃত্যুৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ ঘোষণাক আদৰণি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ
প্ৰয়োজনত এই তদন্ত নিজে কৰিম বুলি মুখ্যমন্ত্ৰীয়ে লোৱা সিদ্ধান্তকো আদৰণি জনাইছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে।

প্ৰয়োজনত এই তদন্ত নিজে কৰিম বুলি মুখ্যমন্ত্ৰীয়ে লোৱা সিদ্ধান্তকো আদৰণি জনাইছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে।

  • Share this:
যোৱা ১৩ মে’ত বঢ়মপুৰৰ তপতজুৰিত ১৮টাকৈ বন্যহস্তীৰ মৃত্যু হোৱাৰ ঘটনাৰ তদন্তৰ প্ৰতিবেদনক লৈ অসমৰ মুখ্যনন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসন্তুষ্টি ব্যক্ত কৰাৰ লগতে এই প্ৰতিবেদন ৩ মাহৰ ভিতৰত প্ৰদান কৰিবলৈ বন বিভাগক নিৰ্দেশ দিয়াৰ কাৰ্যক সমৰ্থন জনাইছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে।

আনহাতে, প্ৰয়োজনত এই তদন্ত নিজে কৰিম বুলি মুখ্যমন্ত্ৰীয়ে লোৱা সিদ্ধান্তকো আদৰণি জনাইছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে। আজি সংগঠনটোৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বণিয়াই এই সংক্ৰান্তত সংবাদ মাধ্যমক কয়, "বঢ়মপুৰৰ তপতজুৰি পাহাৰত বন্যহস্তী নিধন সন্দৰ্ভত বনবিভাগে দিয়া প্ৰতিবেদন যে ভুৱা আছিল সেয়া মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্যৰ পৰা স্পষ্ট হৈছে। আমি মুখ্যমন্ত্ৰী গৰাকীৰ স্থিতিত সন্তুষ্ট। আমি তেঁওক এই ঘটনাৰ উচিত তদন্ত কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে তপতজুৰিৰ জৈৱ-বৈচিত্ৰ ৰক্ষাৰ বাবেও আহ্বান জনাইছো।"

আনহাতে সংগঠনটোৱে তপতজুৰিৰ পৰা কাজিৰঙালৈ থকা বন্যহস্তীৰ পথ সুৰক্ষিত কৰাৰ বাবেও আহ্বান জনায়। তেওঁলোকে লগতে কয়, বন বিভাগে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে বিভাগটোলৈ প্ৰেৰণ কৰা পত্ৰৰ উত্তৰ আজিকোপতি দিব নোৱাৰিলে। সেয়ে এই ঘটনাৰ আঁৰত যে ৰহস্য নিহিত হৈ আছে সেয়াও নিশ্চিত।
Published by: Sanjay Kumar Das
First published: July 8, 2021, 12:09 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি