CAAৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ

গুৱাহাটী ৰটাৰী ক্লাবৰ পৰা ওলোৱা সমদলটো উলুবাৰী চাৰিআলি হৈ গণেশগুৰি উৰণীয়া সেতুৰ তলেৰে চানমাৰি হৈ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যালয়ত অন্ত পৰে।
গুৱাহাটী ৰটাৰী ক্লাবৰ পৰা ওলোৱা সমদলটো উলুবাৰী চাৰিআলি হৈ গণেশগুৰি উৰণীয়া সেতুৰ তলেৰে চানমাৰি হৈ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যালয়ত অন্ত পৰে।
- Advertorial
- Last Updated: April 2, 2021, 3:47 PM IST
প্ৰায় ২ শতাধিক মটৰ চাইকেলেৰে অংশগ্ৰহণ কৰা সমদলটোত কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাণাপ্ৰতাপ ৰৰুৱা, সাধাৰণ সম্পাদক পলাশ চাংমাই, মুখ্য উপদেষ্টা কমল ভৰালীৰ লগতে কেইবাজনো বিষয়ববীয়াই অংশগ্ৰহণ কৰে। কামৰূপ মহানগৰ জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি দীনমণি ভূঞা, সাধাৰণ সম্পাদক প্ৰদীপ মজুমদাৰসহ আন ভালেকেইগৰাকী বিষয়ববীয়া উপস্থিত থাকে সমদলত।
সমদলটোত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰীসকলে CAA বাতিল কৰক, CAA কোনো কাৰণতে মানি লোৱা নহ’ব, কেন্দ্ৰীয় চৰকাৰ হায় হায়, ৰাজ্য চৰকাৰ হায় হায় আদি ধ্বনিৰে আকাশ–বতাহ মুখৰিত কৰি তোলে।