‘ঘৰে ঘৰে চোৰ-পুলিচো যায়, আমি যাম ৰাইজৰ অন্তৰে অন্তৰে’-AJPয়ে নিৰ্বাচনত লাভ নকৰে এখনো আসনঃহিমন্ত বিশ্ব শৰ্মা

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ‘দলটোৱে ৰাজনীতিত প্ৰৱেশৰ সময়ত বহু কথাই পৰ্যালোচনা নকৰিলে ৷ যাৰ বাবে অসমৰ ১২৬ সমষ্টিত মাথো ৭০০ৰ পৰা ১৫০০ ভোট লাভ কৰিবলৈ সক্ষম হ’ব
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ‘দলটোৱে ৰাজনীতিত প্ৰৱেশৰ সময়ত বহু কথাই পৰ্যালোচনা নকৰিলে ৷ যাৰ বাবে অসমৰ ১২৬ সমষ্টিত মাথো ৭০০ৰ পৰা ১৫০০ ভোট লাভ কৰিবলৈ সক্ষম হ’ব
- News18 Assam
- Last Updated: September 18, 2020, 9:38 PM IST
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ‘দলটোৱে ৰাজনীতিত প্ৰৱেশৰ সময়ত বহু কথাই পৰ্যালোচনা নকৰিলে ৷ যাৰ বাবে অসমৰ ১২৬ সমষ্টিতে মাত্ৰ ৭০০ৰ পৰা ১৫০০ ভোট লাভ কৰিবলৈ সক্ষম হ’ব ৷ ১৫শৰ অধিক ভোট লাভ নকৰে কোনো সমষ্টিতে।’ আনকি নতুন ৰাজনৈতিক দলটোৱে নিৰ্বাচনত এখনো আসন লাভ নকৰে বুলি তাত্পৰ্যপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
পুনৰ আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে চান্দা তোলাৰ প্ৰসংগত টানি আনি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, তেওঁলোকে অসমৰ ৰাইজৰ আগত চান্দা তোলাৰ হিচাপ ৰাজহুৱা কৰক ৷ প্ৰথমে ৰছীদ বহীবোৰ কিমান চপাইছিল, তাৰ হিচাপ দিয়ক ৷ তাৰ পিছত একোখন ৰছীদত কিমান চান্দা উঠাই সেয়া ৰাজহুৱা কৰক ৷’