কেন্দ্ৰীয় চৰকাৰে নিলাম কৰিবলৈ আগবঢ়া অসমৰ কাগজ কল দুটাৰ সম্পত্তিখিনি বিক্ৰী নকৰি সেয়া পুনৰুজ্জীৱিতকৰণৰ দাবীৰে ১০ লাখ লোকৰ স্বাক্ষৰিত এখন স্মাৰকপত্ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম জাতীয় পৰিষদে৷
বুধবাৰে জাগীৰোডত থকা নগাঁও কাগজ কলৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত কাগজ কলটোৰ কৰ্মচাৰী সংস্থাসমূহৰ সহযোগত এখন সংবাদমেলৰ আয়োজন কৰে। উক্ত সংবাদ মেলখনত দলৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে অসমবাসী ৰাইজে বিগত বহুদিন ধৰি কাগজ কল দুটাৰ পুনৰুজ্জীৱিতকৰণৰ দাবীক আওকাণেৰে অৱশেষত অহা ৩০ জুনত কাগজ কল দুটাৰ সকলো সম্পত্তি কম মূল্যত বিক্ৰীৰ বাবে দিয়া আনুষ্ঠানিক জাননীক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।
লগতে এই সমগ্ৰ বিষয়টোত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ অতিশয় জৰুৰী হৈ পৰিছে৷ সেই কাৰণে প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপৰ প্ৰয়োজনীয়তা বোধ কৰি অসমৰ ১০ লাখ নাগৰিকৰ চহী থকা এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰাৰ সিদ্ধান্তৰ কথা অৱগত কৰে। উল্লেখ্য যে, এই স্মাৰকপত্ৰখনত অনলাইন আৰু অফলাইন দুয়োটা পদ্ধতিৰে চহী সংগ্ৰহ কৰা হ'ব বুলি সভাপতি গগৈয়ে জানিবলৈ দিয়ে৷
এই স্মাৰকপত্ৰখন দলৰ অফিচিয়েল ৱেবছাইট তথা http://assamjatiyaparishad.org/revival_of_the_paper_mills_assam লিংকত উপলব্ধ হ'ব আৰু অফলাইন স্মাৰকপত্ৰখনৰ বাবে দলীয় কৰ্মীসকলে গাঁৱে গাঁৱে গৈ চহী সংগ্ৰহ কৰিব বুলি জনায় লুৰিণজ্যোতি গগৈয়ে। এই চহী সংগ্ৰহ প্ৰক্ৰিয়াটো এসপ্তাহ ধৰি চলোৱা হ'ব আৰু চহী সংগ্ৰহৰ পিছত সকলো চহী একেলগ কৰি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ স্মাৰকপত্ৰখন প্ৰেৰণ কৰা হ'ব৷
মন কৰিবলগীয়া কথা যে, বুধবাৰে অনুষ্ঠিত সংবাদমেলখনত দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা, উপ–সভাপতি চমছেৰ সিং আৰু দুলু আহমেদ, সম্পাদক বাণী দাস আৰু চন্দ্ৰপ্ৰকাশ শৰ্মা আৰু প্ৰচাৰ সম্পাদক তথা মুখপাত্ৰ জিয়াউৰ ৰহমানকে আদি কৰি বহুকেইজন নেতা উপস্থিত থাকে।
সংবাদ মেলখনৰ জৰিয়তে লুৰিণজ্যোতি গগৈয়ে কাগজ কল দুটা কাৰ্যক্ষম হৈ থকা অৱস্থাতে চৰকাৰে বন্ধ কৰি দিছে বুলি অভিযোগ উত্থাপন কৰে। কাৰণ যিসময়ত কাগজ কল দুটা বন্ধ কৰা হৈছিল তেতিয়া কল দুটা সুচলৰূপে চলি আছিল আৰু ২০১৫ চনৰ ২০ অক্টোবৰৰ দিনা কাছাৰ কাগজ কলটো বন্ধ হোৱাৰ ঠিক আগদিনা কলটোয়ে ২৮৩ টন কাগজ উৎপাদন কৰিছিল তেখেতে জনায়৷
কাছাৰ কাগজ কলটো বন্ধ হোৱাৰ ৫ মাহৰ পিছত ২০১৬ চনৰ ২৭ মাৰ্চৰ দিনা পাঁচগ্ৰামৰ ওচৰৰ কালিগঞ্জত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন নিৰ্বাচনী সভাত ভাগ লৈ ঘোষণা কৰিছিল যে যদি সেইবাৰৰ নিৰ্বাচনত বিজেপি দল বিজয়ী হয় তেনেহ'লে কাছাৰ কাগজ কলটো পুনৰ আৰম্ভ কৰা হ'ব৷ কিন্তু ২০১৬ৰ নিৰ্বাচনত অসমত বিজেপি চৰকাৰ গঠন হোৱাৰ পিছত প্ৰতিশ্ৰুতি অনুসৰি চৰকাৰে কাছাৰ কাগজ কলটোতো পুনৰাৰম্ভ নকৰিলেই, বৰং প্ৰধানমন্ত্ৰীৰ আশ্বাসৰ ঠিক এবছৰৰ মূৰত ২০১৭ চনৰ ১৩ মাৰ্চৰ দিনা জাগীৰোডৰ নগাঁও কাগজ কলটোও বন্ধ কৰি দিয়ে৷
উক্ত দুয়োটা কল বন্ধ কৰাৰ কোনো আনুষ্ঠানিক অধিসূচনা বা নিৰ্দেশনা কিন্তু আজিলৈকে চৰকাৰে জাৰি কৰা নাই৷ বিজেপি দলে নিৰ্বাচনী ইস্তাহাৰত কাগজ দল দুটা পুনৰুজ্জীৱিত কৰাৰ প্ৰতিশ্ৰুতি দিছিল৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে চৰকাৰে পুনৰুজ্জীৱিত কৰাৰ পদক্ষেপ হাতত লোৱাতো দূৰৰে কথা, কাগজ কল দুটাৰ প্ৰায় ৬,৬০০ বিঘা মাটিসহ সমস্ত সম্পত্তি নিলামত বিক্ৰী কৰাৰ বাবে জাৰি কৰা জাননীৰ প্ৰতি পূৰ্ণ সমৰ্থন আৰু সহযোগিতা আগবঢ়াইছে৷
জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে কয়, যি সময়ত কাগজ কল দুটাৰ ভূমিসহ সমস্ত সম্পত্তিৰ মূল্য কেইবাহাজাৰ কোটি টকা হ'ব, তেনে সময়ত সম্পত্তিখিনিৰ আধাৰ মূল্য মাত্ৰ ১,১৩৯ কোটি টকা নিৰ্ধাৰণ কৰা কাৰ্যই অৱসায়ক আৰু চৰকাৰৰ কিবা অন্য অংক থকা কথাটো সহজে অনুমান কৰিব পাৰি৷ গতিকে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যাতে সমগ্ৰ বিষয়টোত হস্তক্ষেপ কৰি অহা ৩০ জুনৰ নিলামকাৰ্য স্থগিত কৰে তাৰ বাবে প্ৰধানমন্ত্ৰীক অনুৰোধেৰে উক্ত ১০ লাখ লোকৰ স্বাক্ষৰিত স্মাৰকপত্ৰখন প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণৰ সিদ্ধান্ত লোৱা বুলি সভাপতি গগৈয়ে প্ৰকাশ কৰে৷
আনহাতে, কেইহাজাৰমান কোটি টকাৰে কাগজ কল দুটা পুনৰুজ্জীৱিত কৰিব পৰা যাব বুলি বিশেষজ্ঞমহলে মত আগবঢ়াই থকা কথাটোৰ প্ৰসংগ টানি লুৰিণজ্যোতি গগৈয়ে ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰীয়ে নুমলীগড় তেল শোধনাগাৰৰ অংশ ক্ৰয় আৰু মহিলাসকলে ক্ষুদ্ৰ ঋণৰ ধন ঋণদাতা বেংকক আদায় দিবলৈ লোৱা সিদ্ধান্তৰ দৰে অসমীয়াৰ আৱেগজড়িত থকা কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰতো এটা ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিলে কল দুটাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত ১২শ পৰিয়াল তথা তাৰ সৈতে পৰোক্ষভাৱে জড়িত হৈ থকা ৪ লক্ষাধিক লোকৰ সংস্থাপনৰ বাট মুকলি হ'ব বুলিও মত প্ৰকাশ কৰে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : June 10, 2021, 08:41 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।