உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • কলগাছিয়াত অসম জাতীয় পৰিষদৰ বিশাল জন সমাৱেশ, বিজেপিক হুংকাৰ লুৰিণজ্যোতি গগৈৰ

    কলগাছিয়াত অসম জাতীয় পৰিষদৰ বিশাল জন সমাৱেশ, বিজেপিক হুংকাৰ লুৰিণজ্যোতি গগৈৰ

    লুৰিণজ্যোতি গগৈয়ে একে সময়তে সংখ্যালঘু ৰাইজক হুজুৰৰ দল অৰ্থাৎ এ আই ইউ ডি এফ আৰু কংগ্ৰেছক প্ৰত্যাখ্যান কৰি অসম জাতীয় পৰিষদক শক্তিশালী কৰিবলৈ আহবান জনায়।

    • Share this:
    দেওবাৰে কলগাছিয়াৰ বামুণটাৰীত অসম জাতীয় পৰিষদৰ এক বিশাল জন সমাবেশ অনুষ্ঠিত হয়। অমল ডেকাৰ সভাপতিত্বত অনুষ্ঠিত এই সমাবেশত দলৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে তেওঁৰ বক্তব্যত ‘কা’ আন্দোলনৰ সময়ত জনিয়া–বাঘবৰৰ মাটিত জনসভা কৰি দেখুৱাবলৈ হিমন্ত বিশ্বই যি প্ৰত্যাহ্বান জনাইছিল তাক কাউণ্টাৰ প্ৰত্যাহ্বান জনায়। লগতে ২১ৰ নিৰ্বাচনত সাম্প্ৰদায়িক বিজেপিৰ শাসনৰ শিপা উভালি ধৰ্মনিৰপেক্ষ আঞ্চলিকতাবাদী দলৰ চৰকাৰ গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে।

    লুৰিণজ্যোতি গগৈয়ে একে সময়তে সংখ্যালঘু ৰাইজক হুজুৰৰ দল অৰ্থাৎ এ আই ইউ ডি এফ আৰু কংগ্ৰেছক প্ৰত্যাখ্যান কৰি অসম জাতীয় পৰিষদক শক্তিশালী কৰিবলৈ আহবান জনায়। ৭১ৰ আগৰ পৰা অসমত বসবাস কৰা প্ৰতিগৰাকী অসমীয়াই সংবিধানপ্ৰদত্ত সকলো অধিকাৰ ভোগ কৰাৰ তেওঁ পোষকতা কৰে।

    আইনী প্ৰক্ৰিয়াৰে 'D' ভোটৰ সমস্যাৰো সমাধান হ’ব লাগে বুলি দাবী কৰে লুৰিণজ্যোতি গগৈয়ে। সভাত দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা, সম্পাদক জিয়াউৰ ৰহমান সহ বহুত নেতা উপস্থিত থাকে।
    Published by:Sanjay Kumar Das
    First published: