অসম জাতীয় পৰিষদে বিজেপি হতাও শ্ল'গানেৰে নিৰ্বাচনী প্ৰচাৰত নামিল কংগ্ৰেছৰ প্ৰাৰ্থীৰ হৈ। মঙলবাৰে দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে মৰিয়নি সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী লোহিত কোঁৱৰক জয়যুক্ত কৰিবলৈ ৰাইজক আহ্বান জনাই বহুকেইটা স্থানত গণচেতনা সভাত অংশ লয়।
সমষ্টিটোৰ নকছাৰী বৰগাঁৱৰ এক গণচেতনা সভাত সভাপতিগৰাকীয়ে শাসকীয় বিজেপি দলক প্ৰতিহত কৰিবলৈকে বিৰোধী পক্ষ একত্ৰিত হোৱাৰ প্ৰয়োজন বুলি কৈ ৰাইজ বিজেপিৰ বিৰুদ্ধে মাৰবান্ধি থিয় হোৱাৰ সময় আহি পৰিছে বুলিও মন্তব্য কৰে।
ভাষণ প্ৰসংগত লুৰিণজ্যোতি গগৈয়ে কয়- ''বৰ্তমানৰ চৰকাৰখনে সাধাৰণ জনতাক সকলো দিশতে শোষণ চলাইছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে জনতাক জুৰুলা কৰিছে। বিজেপি চৰকাৰখনে বিভিন্ন আঁচনিৰ কথা কৈ থাকে যদিও সেই আঁচনিৰ বিনিময়ত এফালে জেপত পইচাটো সুমুৱাই পিছফালে কেঁচীখন হাতত লৈ ৰৈ থকাৰ দৰে নীতি গ্ৰহণ কৰিছে।''
ইপিনে মৰিয়নি সমষ্টিৰ উপ–নিৰ্বাচনত বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীৰ লগতে ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। তেনে সময়তে কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ উপস্থিত হোৱা অজাপৰ সভাপতিগৰাকীক ৰাইজৰ দলৰ লগত তেওঁলোকৰ মিত্ৰতা আনুষ্ঠানিকভাৱে ভংগ হৈছে নেকি বুলি সোধা হয় প্ৰশ্ন।
উত্তৰত তেওঁ কয়- ''কংগ্ৰেছ অথবা আন ৰাজনৈতিক দলৰ লগত আমাৰ আদৰ্শগত মিল নাই। কিন্তু বিজেপিৰ স্বৈৰাচাৰিতা প্ৰতিহত কৰিবলৈকে সকলো বিৰোধী শক্তি একত্ৰিত হোৱা প্ৰসংগ উত্থাপন কৰা হৈছিল। আৰু এই প্ৰসংগ কংগ্ৰেছে মানি লৈছিল। যিহেতু যোৱা নিৰ্বাচনত সন্মানীয় মৰিয়নি আৰু থাওৰা সমষ্টিৰ পৰা দুয়োগৰাকী কংগ্ৰেছ প্ৰাৰ্থী জয়ী হৈছিল আৰু তেওঁলোকৰ আত্মসন্মানৰ স্বাৰ্থত এই দুয়োটা সমষ্টিয়েই এৰি দিয়া হ'ল। কিন্তু দুয়োটা সমষ্টিতে ৰাইজৰ দলে কিয় প্ৰাৰ্থিত্ব প্ৰদান কৰিলে, সেয়া মুকলিকৈ ক'ব পৰা নাযাব।''
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|