এজেপি শাসনলৈ আহিলে পুনৰুজ্জীৱিত কৰা হ’ব নগাঁও আৰু কাছাৰ কাগজ কল

জাগীৰোডৰ নগাঁও আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিত কৰাৰ দাবীত আজি নগাঁও কাগজ কলৰ মুখ্যদ্বাৰত এক প্ৰতিবাদী অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰে অসম জাতীয় পৰিষদ আৰু জাতীয় শ্ৰমিক শক্তিয়ে৷
জাগীৰোডৰ নগাঁও আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিত কৰাৰ দাবীত আজি নগাঁও কাগজ কলৰ মুখ্যদ্বাৰত এক প্ৰতিবাদী অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰে অসম জাতীয় পৰিষদ আৰু জাতীয় শ্ৰমিক শক্তিয়ে৷
- News18 Assam
- Last Updated: January 21, 2021, 4:12 PM IST
কাগজ কল পুনৰুজ্জীৱিত কৰা আৰু কৰ্মচাৰীৰ দৰমহা আদায়ৰ দাবীত বহুবাৰ বিভিন্ন দল–সংগঠন তথা কল দুটাৰ কৰ্মচাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও কোনো কাণসাৰ দিয়া নাই চৰকাৰে৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও যিকোনো প্ৰকাৰে আইনৰ সহায় লৈ হ’লেও নগাঁও আৰু কাছাৰ কাগজ কল দুটা কাৰ্যক্ষম কৰা হ’ব বুলি দিয়া প্ৰতিশ্ৰুতি আজিও প্ৰতিশ্ৰুতি হৈয়ে থাকিল৷
জাগীৰোডৰ নগাঁও আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিত কৰাৰ দাবীত আজি নগাঁও কাগজ কলৰ মুখ্যদ্বাৰত এক প্ৰতিবাদী অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰে অসম জাতীয় পৰিষদ আৰু জাতীয় শ্ৰমিক শক্তিয়ে৷ প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি কাগজ কলৰ প্ৰতি গুজৰাটী বণিয়াৰ চকু থকাৰ বাবেই ষড়যন্ত্ৰমূলকভাৱে নগাঁও আৰু কাছাৰ কাগজ কলদুটা চৰকাৰী ষড়যন্ত্ৰত বন্ধ কৰা হ’ল বুলি মন্তব্য কৰে আঞ্চলিক দল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে৷