লুৰিণজ্যোতি গগৈৰ বাহনত আক্ৰমণক লৈ ডিব্ৰুগড়ত এজেপিৰ বিক্ষোভ

এজেপিৰ ডিব্ৰুগড়ৰ আমোলাপট্টীস্থিত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা দি উক্ত আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা দিয়াৰ লগতে দোষীক কঠোৰ শাস্তিৰ দাবীত পৰিৱেশ উত্তাল কৰি তোলে।
এজেপিৰ ডিব্ৰুগড়ৰ আমোলাপট্টীস্থিত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা দি উক্ত আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা দিয়াৰ লগতে দোষীক কঠোৰ শাস্তিৰ দাবীত পৰিৱেশ উত্তাল কৰি তোলে।
- News18 Assam
- Last Updated: March 2, 2021, 8:35 PM IST
উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰি এজেপিৰ ডিব্ৰুগড় জিলা সভাপতি ড° দিলীপ কুমাৰ ভূঞাই দোষীক দৃষ্টান্ত মূলক শাস্তিৰ দাবী তোলে। তেওঁ লগতে বিজেপিৰ দমন নীতিয়েই ৰাজ্যৰ শাসন ব্যৱস্থাত চলি থকা অৰাজকতাৰ কথা উদঙাই দিয়া বুলি ক্ষোভ প্ৰকাশ কৰে। ধৰ্ণাত অংশ লৈ ডাঃ অমৃত বৰুৱাই লুৰিণজ্যোতি গগৈক আক্ৰমণ কৰি অসমীয়াৰ স্বাভিমানত আক্ৰমণ কৰা বুলি ক্ষোভ প্ৰকাশ কৰে।
ইয়াৰ উপৰি এনে আক্ৰমণৰ ঘটনাই নাগপুৰৰ সংস্কৃতি অসমত প্ৰতিষ্ঠা কৰিবলৈ লোৱা স্বৰূপ স্পষ্ট কৰি তোলা বুলিও মন্তব্য কৰে ডাঃ অমৃত বৰুৱাই। তেওঁ লগতে ৰাজ্য চৰকাৰক অকৰ্মন্য আখ্যা দি কয় যে লুৰিণজ্যোতি গগৈক আক্ৰমণ কৰা দালালকেইটাক গ্ৰেপ্তাৰ কৰিব পৰা নাই। চৰকাৰে বুজা উচিত আমি দুৰ্বল নহয়।