মুখ্যপৃষ্ঠা » খবৰ

» অসম

»কাছাৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীক সমালোচনা লুৰীণজ্যোতি গগৈৰ, ক’লে – হিমন্ত বিশ্ব শৰ্মাৰ হাতত আজি কিয় সীমান্ত সুৰক্ষিত নহয়?

কাছাৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীক সমালোচনা লুৰীণজ্যোতি গগৈৰ, ক’লে – হিমন্ত বিশ্ব শৰ্মাৰ হাতত আজি কিয় সীমান্ত সুৰক্ষিত নহয়?

News18 Assam | News18-Assam
Updated:July 29, 2021, 6:45 PM IST
কাছাৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীক সমালোচনা লুৰীণজ্যোতি গগৈৰ, ক’লে – হিমন্ত বিশ্ব শৰ্মাৰ হাতত আজি কিয় সীমান্ত সুৰক্ষিত নহয়?
লুৰীণজ্যোতি গগৈৰ মতে, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ হাতত নাই চোৰাংচোৱাৰ কোনো তথ্য, নাছিল কোনো আগতীয়া খবৰ।

লুৰীণজ্যোতি গগৈৰ মতে, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ হাতত নাই চোৰাংচোৱাৰ কোনো তথ্য, নাছিল কোনো আগতীয়া খবৰ।

  • Share this:
বৰাক উপত্যকাৰ কাছাৰ জিলাত উপস্থিত হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰে অসম জাতীয় পৰিষদৰ মুৰব্বী লুৰীণজ্যোতি গগৈয়ে। অসম জাতীয় পৰিষদ চমুকৈ অজাপৰ নেতৃত্বই বৃহস্পতিবাৰে সন্ধিয়া মিজোৰ আক্ৰমণত আহত হৈ কাছাৰ জিলাৰ শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীনহৈ থকাসকলৰ স্বাস্থ্যৰ বুজ লয়।

লুৰীণজ্যোতি গগৈৰ নেতৃত্বত বৰাক উপত্যকালৈ অহা ছয়জনীয়া সঁজাতী দলটোৱে শুকুৰবাৰে পুৱা অসম–মিজোৰাম সীমান্তৰ লাইলাপুৰ অঞ্চল ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ ল’ব। অসম–মিজোৰামৰ সীমান্ত অঞ্চলৰ পৰা উভতি অহাৰ পিছত অজাপ দলটোৱে মিজোৰ গুলীত নিহত ছয় গৰাকী শ্বহীদৰ পৰিয়ালক সাক্ষাৎ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জনাব।

অজাপৰ দলটোৱে কাছাৰ, হাইলাকান্দি জিলালৈ গৈ শ্বহীদৰ পৰিয়ালক সাক্ষাতৰ পিছত কাছাৰ জিলাৰ উপায়ুক্ত কিৰিথি জলি আৰু জিলাখনৰে আৰক্ষী অধীক্ষক ৰমনদ্বীপ কৌৰক সাক্ষাৎ কৰি অসমৰ লোকক সীমান্তত সুৰক্ষিত ৰখাৰ দাবীত এখন স্মাৰক পত্ৰ প্ৰদান কৰিব। মিজোৰামৰ লোকে অসম আৰক্ষীৰ জোৱানক গুলীয়াই হত্যা কৰা ঘটনাৰ বাবে চৰকাৰখনকে প্ৰধানকৈ জগৰীয়া কৰে লুৰীণজ্যোতি গগৈয়ে।

লুৰীণজ্যোতি গগৈৰ মতে, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ হাতত নাই চোৰাংচোৱাৰ কোনো তথ্য, নাছিল কোনো আগতীয়া খবৰ। বিজেপিয়ে বিভাজনৰ ৰাজনীতিৰে অসমখন ধ্বংস কৰিব বিচাৰিছে বুলি অভিযোগ কৰে আজাপৰ সভাপতিগৰাকীয়ে। ডাঙৰ ডাঙৰ কথা কোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হাতত আজি কিয় সীমান্ত সুৰক্ষিত নহয় বুলি প্ৰশ্ন কৰা লুৰীণজ্যোতি গগৈয়ে শীঘ্ৰে এই সমস্যাৰ স্থায়ী সমাধানৰ বাবে দাবী জনায়।

ইফালে, মিজোৰামকো আসমৰ ভূমিত চকু নিদিবলৈ সকীয়াই দিয়ে লুৰিণজ্যোতি গগৈয়ে। কোনো মূল্যৰ বিনিময়ত অসমৰ লোকে ৰাজ্যৰ ভূমি অন্য ৰাজ্যক এৰি নিদিয়ে বুলি কয় লুৰিণজ্যোতি গগৈয়ে। লুৰীণজ্যোতি গগৈৰ নেতৃত্বত অহা দলটোত আছে অসম জাতীয় পৰিষদৰ উপ–সভাপতি চমছেৰ সিং, মিল্টন কুইয়া, দলটোৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক তথা মুখপাত্ৰ জিয়াউৰ ৰহমান, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সম্ভিদ শৰ্মা আৰু আহ্বায়ক ইফটিকাৰ হুছেইন।
Published by: Sanjay Kumar Das
First published: July 29, 2021, 6:45 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি