মুখ্যপৃষ্ঠা » খবৰ

» অসম

»কৃষক আন্দোলনলৈ আমাৰ পূৰ্ণ সমৰ্থন আছে, আমাৰ প্ৰধান শত্ৰু বিজেপি, নগাঁৱত লুৰিণজ্যোতি গগৈৰ মন্তব্য

কৃষক আন্দোলনলৈ আমাৰ পূৰ্ণ সমৰ্থন আছে, আমাৰ প্ৰধান শত্ৰু বিজেপি, নগাঁৱত লুৰিণজ্যোতি গগৈৰ মন্তব্য

News18 Assam | News18-Assam
Updated:September 5, 2021, 3:18 PM IST
কৃষক আন্দোলনলৈ আমাৰ পূৰ্ণ সমৰ্থন আছে, আমাৰ প্ৰধান শত্ৰু বিজেপি, নগাঁৱত লুৰিণজ্যোতি গগৈৰ মন্তব্য
নগাঁও কাগজ কল সন্দৰ্ভত চৰকাৰে লোৱা স্থিতিক সমালোচন কৰি লুৰিণে কয়, নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি চৰকাৰ আহিলে কাগজ কল পুনৰজীৱিত কৰাৰ প্ৰতিশ্ৰুতি দিয়া এইখন চৰকাৰে চৰম বিশ্বাসঘাতকতা কৰিছে।

নগাঁও কাগজ কল সন্দৰ্ভত চৰকাৰে লোৱা স্থিতিক সমালোচন কৰি লুৰিণে কয়, নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি চৰকাৰ আহিলে কাগজ কল পুনৰজীৱিত কৰাৰ প্ৰতিশ্ৰুতি দিয়া এইখন চৰকাৰে চৰম বিশ্বাসঘাতকতা কৰিছে।

  • Share this:
বিজেপিক প্ৰতিহত কৰা স্বাৰ্থত অনাগত সকলো নিৰ্বাচনতে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ সিদ্ধান্ত লৈছে অসম জাতীয় পৰিষদে। আজি নগাঁৱৰ বৰঘাট বাইপাছত আয়োজিত অসম জাতীয় পৰিষদৰ সাংগঠনিক সভাত ভাগ লৈ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কয়, "আমাৰ প্ৰধান শত্ৰু বিজেপি আৰু বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত আমি প্ৰতিটো নিৰ্বাচনতে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ পক্ষপাতী।"

আনহাতে, নগাঁও কাগজ কল সন্দৰ্ভত চৰকাৰে লোৱা স্থিতিক সমালোচন কৰি লুৰিণে কয়, নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি চৰকাৰ আহিলে কাগজ কল পুনৰজীৱিত কৰাৰ প্ৰতিশ্ৰুতি দিয়া এইখন চৰকাৰে চৰম বিশ্বাসঘাতকতা কৰিছে। প্ৰয়োজনত এনআৰএলৰ দৰে অংশীদাৰিত্ব ক্ৰয় কৰি হ'লেও চৰকাৰে কাগজ কল ৰক্ষা কৰক।

ইপিনে, দেশত চলি থকা কৃষক আন্দোলনলৈ পূৰ্ণ সমৰ্থন অসম জাতীয় পৰিষদৰ আছে বুলি মন্তব্য কৰি লুৰিণে কয়, কৃষকৰ ক্ষেত্ৰত অসম জাতীয় পৰিষদে সদায় মাত মাতি আহিছে। অসমতো ভাৰতীয় খাদ্য নিগমে কৃষকক ঠগি আহিছে বুলিও তেওঁ অভিযোগ কৰে।

উল্লেখযোগ্য যে, আজিৰ সভাত লুৰিণজ্যোতি গগৈৰ লগতে কেন্দ্ৰীয় নেতা চমশ্বেৰ সিং, জগদীশ ভূঞা, উৎপল বণিয়া উপস্থিত থাকি অসম জাতীয় পৰিষদক শক্তিশালী কৰাৰ বাবে দলটোৰ কৰ্মীসকলক আহ্বান জনায়l
Published by: Sanjay Kumar Das
First published: September 5, 2021, 3:18 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি