'ৰাইজৰ মৰমৰ বাবে মই দুটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছো । প্ৰতিদ্বন্দ্বী কোন হ'ব মই এতিয়া নকও , কিন্তু জনতাই মোক জয়যুক্ত কৰি পঠিয়াব। মোৰ জয় নিশ্চিত। অসমত জাতীয়তাবাদী চৰকাৰ গঠন হ'ব' - ডিব্ৰুগড় জিলাৰ দুটা সমষ্টি ক্ৰমে নাহৰকটীয়া আৰু দুলিয়াজানৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰি এই মন্তব্য কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে।
ডিব্ৰুগড় জিলা নিৰ্বাচনী বিষয়াৰ হাতত মনোনয়ন পত্ৰ দাখিল কৰাৰ অন্তত লুৰিণজ্যোতি গগৈয়ে এইবাৰ জাতীয়তাবাদৰ বিজয় ধ্বজা উৰিব বুলিও ব্যক্ত কৰে সংবাদ মাধ্যমৰ আগত। তেওঁ আৰু কয় যে "শাসক পক্ষই বিগত দিনত কৰা অপশাসন, অন্যায় , দুৰ্নীতি , স্বেচ্ছাচাৰীতাৰ বিৰুদ্ধে ৰাইজে মন বান্ধিছে। ৰাইজে মন বান্ধিছে স্বাভীমানি , আপোচবিহীন জাতীয় সত্বা , জাতীয় চৰিত্ৰ প্ৰতিষ্ঠাৰ বাবে । ইয়াৰ উপৰিও অসমৰ সমস্যা সমাধান, উঠি অহা প্ৰজন্মৰ ভৱিষ্যত সুৰক্ষিত কৰা , অৰ্থনৈতিক অধিকাৰ , সম্পদৰ অধিকাৰ সাব্যস্ত কৰিবলৈ আৰু ভূমিৰ অধিকাৰ সুনিশ্চিত কৰিবলৈ ৰাইজে জাতীয়তাবাদী চৰকাৰ গঠন হোৱাটো বিচাৰিছে বুলিও মন্তব্য কৰে লুৰিণ জ্যোতি গগৈয়ে।
তদুপৰি জাতীয় পৰিষদক দুৰ্বল বুলি ভবাসকলে অহা ২ মে'ত জাতীয় পৰিষদৰ শক্তি কিমান উপলব্ধি কৰিব বুলিও কটাক্ষ কৰে লুৰিণজ্যতি গগৈয়ে। আনহাতে ৰাইজৰ দলৰ সৈতে থকা অসম জাতীয় পৰিষদৰ মিত্ৰতাত জটিলতাই দেখা দিছে নেকি বুলি সাংবাদিকে কৰা প্ৰশ্নত লুৰিণজ্যোতি গগৈয়ে কয় যে, " মিত্ৰতাত কোনো ফাঁট মেলা নাই। দুই চাৰিটা সমষ্টিত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল দুয়োটাই প্ৰাৰ্থীত্ব আগবঢ়াইছো কিছু কৌশলগত কাৰণতহে। বিজেপি , কংগ্ৰেছক প্ৰতিহত কৰিবলৈহে কিছুমান কৌশল অৱলম্বন কৰা হৈছে।'
উল্লেখযোগ্য যে, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে মনোনয়ন পত্ৰ দাখিল কৰাৰ প্ৰাকক্ষণত নাহৰকটীয়াৰ পৰা ডিব্ৰুগড় চহৰলৈকে বিশাল বাইক ৰেলী উলিওৱা হয়। ইয়াৰ পিছতে আছুৰ শ্বহীদ ভৱনত শ্বহীদক স্মৰণ কৰি সমৰ্থকৰ সৈতে ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়লৈ গমন কৰে জাতীয় পৰিষদৰ সভাপতিগৰাকী।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|