জাতীয়তাবাদেহে অসমক ৰক্ষা কৰিব পাৰিব। ৰাষ্ট্ৰীয়তাবাদী চৰকাৰে অসমৰ ওপৰত শোষণ কৰি এফালৰ পৰা অসমৰ সকলো সম্পদ বিক্ৰী কৰি আহিছে। সেইবাবে অসমক এতিয়া প্ৰয়োজন নিৰ্ভেজাল এক জাতীয়তাবাদৰ চৰকাৰ। চাচনীৰ বৰবামত অনুষ্ঠিত হোৱা দলটোৰ এখন নিৰ্বাচনী প্ৰচাৰৰ সভাত এই মন্তব্য আগবঢ়াই অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে।
এই নিৰ্বাচনী সভাতে তেওঁ কয় যে এইবাৰ উজনি–নামনি সকলোতে জাহাজ চলিব। বিজেপি চৰকাৰে অসমত কৰা বোকাময় আৰু ডুবন্ত পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰিবলৈ জাহাজেই একমাত্ৰ উপায়। য’ত জাহাজ চলাচল কৰে তাত পদুম ফুল নুফুলে।
অসম জাতীয় পৰিষদৰ কেইবাগৰাকী প্ৰাৰ্থীৰ মনোনয়ন বাতিল সম্পৰ্কত লুৰিণজ্যোতি গগৈৰ বিস্ফোৰক অভিযোগ – জাতীয় পৰিষদৰ জনপ্ৰিয়তা দেখি চৰকাৰ আৰু বিজেপি দলে তেওঁলোকৰ প্ৰাৰ্থীসকলক মনোনয়ন উঠাই ল’বলৈ ভয়–ভাবুকি প্ৰদান কৰি আহিছে।
উল্লেখযোগ্য যে নাহৰকটীয়া আৰু দুলীয়াজান দুয়োটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা গগৈয়ে নামৰূপত থকা নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীয়নকৃত ৩৮ হাজাৰ নিবনুৱাক কর্মসংস্থান দিয়া আৰু সমষ্টিটোত বাট–পথৰ নামত সংঘটিত হোৱা দুৰ্নীতি বন্ধ কৰাৰ লগতে নাহৰকটীয়াৰ বিভিন্ন সমস্যাক মূল ইছ্যু হিচাপে লৈ তেওঁ এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি জানিবলৈ দিয়ে।
ভাষণ প্ৰসংগত তেওঁ কয়, ‘‘লুৰিণজ্যোতি গগৈয়ে যি কয় সেয়া কৰি দেখুৱায়। আছুত ৫টা বছৰ কাৰ্যকাল কৰিম বুলি কৈছিলো আৰু সেইয়া কৰি দেখুৱালে।’’ ইফালে একেদিনাই চাচনীত কেইবাখনো নিৰ্বাচনী সভা অনুষ্ঠিত কৰি নাহৰকটীয়াত একপ্ৰকাৰ নিৰ্বাচনী ৰণডংকা বজালে লুৰিণজ্যোতি গগৈয়ে।
বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা এই নিৰ্বাচনী সভাত অজাপৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক চন্দন সন্দিকৈ, নাহৰকটীয়া বিধানসভা সমষ্টিৰ সভাপতি ৰঞ্জিত নিৰ্মলীয়া, সম্পাদক হোমেন বৰগোহাঞি, বিদুৎ বিকাশ গগৈৰ লগতে কেন্দ্ৰীয় সমিতিৰ সদস্য ৰঞ্জিত ধাদুমিয়া উপস্থিত থাকে। এই নিৰ্বাচনী সভাতে অগপৰ মেৰবিল পঞ্চায়তৰ সভাপতি জোনটি বড়া সহিতে চাচনীৰ দুশৰো অধিক অগপ কৰ্মীয়ে অসম জাতীয় পৰিষদত যোগদান কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|