AJPত ব্যক্তি পূজা নচলিব, সমূহীয়া নেতৃত্বৰে পৰিচালিত হ’ব দল – মুখ্য কাৰ্যালয় মুকলিৰ পিছত এই মন্তব্য জগদীশ ভূঞাৰ

গুৱাহাটীৰ লেম্ব ৰোডত AJPৰ মুখ্য কাৰ্যালয়টো দেওবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে দলটোৰ নেতা–কৰ্মীসকলে।
গুৱাহাটীৰ লেম্ব ৰোডত AJPৰ মুখ্য কাৰ্যালয়টো দেওবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে দলটোৰ নেতা–কৰ্মীসকলে।
- News18 Assam
- Last Updated: September 21, 2020, 9:37 AM IST
জগদীশ ভূঞাৰ মতে, ব্যক্তিগত ধ্যান–ধাৰণাৰে AJP দল পৰিচালিত নহয়। সমূহীয়া নেতৃত্বৰে চলিব আঞ্চলিক দলটো। দলৰ নেতৃত্বত কোন থাকিব আৰু কোন নেতাৰ দ্বাৰা দলটো পৰিচালিত হ’ব সেই সম্পৰ্কে কোনো ধৰণৰ মন্তব্য আগবঢ়োৱাৰ পৰা বিৰত থকা জগদীশ ভূঞাই দল এতিয়া নৱেম্বৰৰ জাতীয় ৰাজনৈতিক আভিৱৰ্তনৰ বাবে ব্যস্ত বুলি সদৰি কৰে।
উল্লেখযোগ্য যে অসম জাতীয় পৰিষদ বুথৰ পৰা জিলা পৰ্যায়লৈ গঠন কৰাৰ কামো আৰম্ভ হৈছে। দেওবাৰে নতুন কাৰ্যালয়টোতে LDPৰ ৭২ গৰাকী ব্যক্তিয়ে AJP দলত যোগ দিয়ে।