মুখ্যপৃষ্ঠা »খবৰ »অসম »বান সাহায্য দিয়াৰ ক্ষেত্ৰত অসমক বাৰে বাৰে বঞ্চিত কৰিছে কেন্দ্ৰই: অভিযোগ অসম জাতীয় পৰিষদৰ

বান সাহায্য দিয়াৰ ক্ষেত্ৰত অসমক বাৰে বাৰে বঞ্চিত কৰিছে কেন্দ্ৰই: অভিযোগ অসম জাতীয় পৰিষদৰ

'গুজৰাট, বিহাৰ, পশ্চিমবংগ, কেৰালা, কাশ্মীৰক বিশেষ পেকেজ দিয়া প্ৰধানমন্ত্ৰীৰ অসমলৈ মনতে নপৰে’ – লুৰীণজ্যোতি গগৈ

'গুজৰাট, বিহাৰ, পশ্চিমবংগ, কেৰালা, কাশ্মীৰক বিশেষ পেকেজ দিয়া প্ৰধানমন্ত্ৰীৰ অসমলৈ মনতে নপৰে’ – লুৰীণজ্যোতি গগৈ

'গুজৰাট, বিহাৰ, পশ্চিমবংগ, কেৰালা, কাশ্মীৰক বিশেষ পেকেজ দিয়া প্ৰধানমন্ত্ৰীৰ অসমলৈ মনতে নপৰে’ – লুৰীণজ্যোতি গগৈ

  • Share this:
বান সাহায্য প্ৰদানৰ ক্ষেত্ৰত অসমক সম্পূৰ্ণ উপেক্ষা কৰি আহিছে কেন্দ্ৰীয় চৰকাৰে৷ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘এ ফৰ আসাম’ আৰু অসমক অষ্টলক্ষ্মী বুলি কৈ অসমবাসীৰ সমৰ্থন আদায় কৰিছিল ঠিকেই, কিন্তু বাস্তৱত তাৰ কোনো প্ৰতিফলন নহ’ল৷ – এই গুৰুতৰ অভিযোগ অসম জাতীয় পৰিষদৰ৷

দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে আজি এখন সংবাদ মেলৰ আয়োজন কৰি ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিত উদ্বেগ প্ৰকাশ কৰি কয় যে শেহতীয়া বানত ৰাজ্যৰ ২৭খন জিলাৰ ৭৫টা ৰাজহ চক্ৰ এলেকাৰ ১,৭৯০খন গাঁৱৰ ৭ লাখ ১৭ হাজাৰতকৈ অধিক লোক আক্ৰান্ত হোৱা বুলি চৰকাৰী তথ্যত উল্লেখ কৰা হৈছে৷ সেয়ে এইবাৰৰ বানপানীক নিশ্চিতভাৱে ডাঙৰ দুৰ্যোগ বুলি কব পাৰি৷ এনে এটা দুৰ্যোগ মোকাবিলাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ সহায়ৰ প্ৰয়োজন আছিল৷ কিন্তু এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে কোনো ধৰণৰ সাহায্য আগবঢ়োৱা নাই৷

উপসভাপতি চন্দ্ৰকান্ত দাস, সাধাৰণ সম্পাদক জগদীশ ভূঞা, প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমান আৰু মুখপাত্ৰ শিশিৰ দেৱকলিতা উপস্থিত থকা সংবাদ মেলখনত গগৈয়ে কয় যে বিগত বৰ্ষত (২০২১) কৰ্ণাটক, মধ্য প্ৰদেশ, উত্তৰাখণ্ড, গুজৰাট আৰু পশ্চিম বংগত বান পৰিস্থিতি মোকাবিলাৰ বাবত ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰসমন পুঁজি (এন ডি আৰ এফ)ৰ অধীনত কেন্দ্ৰই ৩,০৬৩.২১ কোটি টকা মোকলাই দিছিল৷ গুজৰাটৰ বানাস্কন্ট আৰু পাটান জিলাত হোৱা প্ৰৱল বানৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ প্ৰধান মন্ত্ৰীয়ে উক্ত দুই ৰাজ্যলৈ ১,৫০০ কোটি টকাৰ বিশেষ পেকেজ আগবঢ়াইছিল৷ ২০১৮ চনত কেৰালাত হোৱা ভীষণ বানৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনলৈ ৫০০ কোটি টকাৰ বিশেষ আৰ্থিক পেকেজ আগবঢ়াইছিল৷ ২০১৫ চনৰ কাশ্মীৰৰ বিধ্বংসী বান মোকাবিলা কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ বাবে ২,৪৩৭ কোটি টকাৰ বিশেষ পেকেজ ঘোষণা কৰিছিল৷ এনে আন বহুকেইটা উদাহৰণ আছে৷ কিন্তু অসমক বান সাহায্য দিয়াৰ ক্ষেত্ৰত লক্ষ্যণীয়ভাৱে ৰাজ্যখনক কেন্দ্ৰীয় চৰকাৰে উপেক্ষা কৰি আহিছে৷

কেন্দ্ৰীয় চৰকাৰে অসমৰ প্ৰতি দেখুৱাই অহা মাহী আই সুলভ আচৰণৰ তথ্য দাঙি ধৰি গগৈয়ে কয় যে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰসমন পুঁজি (এন ডি আৰ এফ)ৰ অধীনত অসম চৰকাৰে  ২০১৮-১৯ বিত্তীয় বৰ্ষত অসমে বান আক্ৰান্তক সাহায্য প্ৰদানৰ অৰ্থে ২,৫০৯.০৭ কোটি টকা বিচাৰিছিল৷ কেন্দ্ৰীয় চৰকাৰে তাৰে ১৩৮.৩৮ কোতি টকা ৰাজ্যখনলৈ আগবঢ়োৱাৰ অনুমোদন দিছিল৷ কিন্তু মুৰকত এটকাও ৰাজ্যখনলৈ মুকলি কৰি নিদিলে৷ ২০১৯-২০ বিত্তীয় বৰ্ষত অসমে বিচাৰিচিল ৩,২৩৭.৭৬ কোতি টকা৷ কেন্দ্ৰই অনুমোদন জনাইছিল ৬১৬.৬৩ কোটি টকা৷ কিন্তু উক্ত অনুমোদিত ধনৰ এটকাও মুকলি কৰি নিদিলে৷ ২০২০-২১ বিত্তীয় বৰ্ষত অসমে বিচাৰিছিল ২,৬৪০.৪১ কোটি টকা৷ কেন্দ্ৰই অনুমোদন জনাইছিল ৪৩৭.১৫ কোটি টকা৷ কিন্তু মোকলাই দিয়াৰ সময়ত কেন্দ্ৰীয় চৰকাৰে মাত্ৰ ৪৪.৩৭ কোটি টকাহে মোকলাই দিয়ে৷ এনেদৰে প্ৰতিবছৰে অসমৰ বানাক্ৰান্ত ৰাইজৰ সহায়-সাহায্যৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা অসমে বিচৰা ধনৰ পৰা অসমক বঞ্চিত কৰি কেন্দ্ৰীয় চৰকাৰে অসমবাসীক নিজৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰি আহিছে৷
গগৈয়ে লগতে কয় যে দুদিন পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ দুৰ্যোগ প্ৰসমন পুঁজিত এহেজাৰ কোটি টকা জমা আছে আৰু সেয়ে কেন্দ্ৰৰ সাহায্যৰ প্ৰয়োজন নাই বুলি কৈ অসমবাসী ৰাইজৰ ক্ষেত্ৰত কেন্দ্ৰই কৰি অহা উপেক্ষাসূচক মনোভাৱৰ প্ৰতি সমৰ্থন আগবঢ়ালে বুলি উল্লেখ কৰি গগৈয়ে কয় যে বান পানীৰ দৰে দুৰ্যোগত আক্ৰান্ত লোকক উদ্ধাৰ, সাহায্য আৰু পুনৰ সংস্থাপন প্ৰদান কৰাটো কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব৷ দেশৰ অন্য ৰাজ্যৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে উক্ত দায়িত্ব সঠিকভাৱে পালন কৰি আহিছে৷ কিন্ত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূৰ কেন্দ্ৰই কৰা এনে উপেক্ষাসূচক আচৰণ ভাৰতৰ সংঘীয় নীতিৰো বিৰোধী৷

অসমৰ আক্ৰান্ত ৰাইজৰ উদ্ধাৰ, সাহায্য, পুনৰ সংস্থাপন আৰু বানে বিধ্বস্ত কৰা আন্তঃগাঁথনি পুনৰ নিৰ্মাণৰ হকে অসমৰ বাবে বিশেষ আৰ্থিক পেকেজ ঘোষণা কৰিবলৈ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ প্ৰতি গগৈয়ে আহ্বান জনায়৷
তেওঁ লগতে কয় যে বানাক্ৰান্ত লোকক সাহায্য প্ৰদানৰ কামত আত্মনিয়োগ কৰিবলৈ দলে ইতিমধ্যে ইয়াৰ কৰ্মী-সমৰ্থকলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে আৰু সেই মৰ্মে দলীয় কৰ্মী-সমৰ্থকে ঠায়ে ঠায়ে সেৱা আগবঢ়াই আছে৷

শেহতীয়া বাতৰি