'নতুন ৰাজনৈতিক দল চিনেমাৰ আইটেম চঙৰ দৰে'- বদৰুদ্দিন, ৰিপুণ বৰা আৰু অজিত ভূঞাক ঢুলীয়া, তালীয়া আৰু নাচনী আখ্যা অতুল বৰাৰ

News18 Assam | News18-Assam
Updated:January 20, 2021, 6:07 PM IST
'নতুন ৰাজনৈতিক দল চিনেমাৰ আইটেম চঙৰ দৰে'- বদৰুদ্দিন, ৰিপুণ বৰা আৰু অজিত ভূঞাক ঢুলীয়া, তালীয়া আৰু নাচনী আখ্যা অতুল বৰাৰ
অগপৰ দেৰগাওঁ বিধান পৰিষদৰ উদ্যোগত পশ্চিম যোৰহাটৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উপপথৰ কাষত বুধবাৰে অনুষ্ঠিত হয় অগপৰ জাতীয় ঐক্য সমাৰোহ ।

অগপৰ দেৰগাওঁ বিধান পৰিষদৰ উদ্যোগত পশ্চিম যোৰহাটৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উপপথৰ কাষত বুধবাৰে অনুষ্ঠিত হয় অগপৰ জাতীয় ঐক্য সমাৰোহ ।

  • Share this:
অগপৰ দেৰগাওঁ বিধান পৰিষদৰ উদ্যোগত পশ্চিম যোৰহাটৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উপপথৰ কাষত বুধবাৰে অনুষ্ঠিত হয় অগপৰ জাতীয় ঐক্য সমাৰোহ । এই সমাৰোহত উপস্থিত থাকি অগপ সভাপতি অতুল বৰাই কংগ্ৰেছৰ মহাজোঁটবন্ধনক তীব্ৰ সমালোচনা কৰাৰ লগতে নতুন ৰাজনৈতিক দলকেইটাক বলীউদৰ চিনেমাৰ আইটেম চঙৰ সৈতে তুলনা কৰে ।

পশ্চিম যোৰহাটৰ অজন্তা বাইপাছৰ সমীপত বুধবাৰে অনুষ্ঠিত অগপৰ জাতীয় ঐক্য সমাৰোহত দেৰগাওঁ বিধানসভা সমষ্টিত অগপই নিৰ্বাচনৰ প্ৰাকক্ষণত নিজৰ শক্তি প্ৰদৰ্শন কৰে। দেৰগাওঁ বিধানসভা সমষ্টিত অনুষ্ঠিত এই জাতীয় ঐক্য সমাৰোহত উপস্থিত থাকে অগপ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত। লগতে  শিল্পী কল্পনা পাটোৱাৰী আৰু মহেন্দ্ৰ হাজৰিকাও উপস্থিত থাকে।



দেৰগাওঁ বিধানসভা সমষ্টিৰ বিধায়ক ভবেন্দ্ৰ নাথ ভৰালীৰ হৈ সমষ্টিটোৰ ৰাইজক এই সভাত  অগপ নেতৃবৃন্দই সম্বোধন কৰে। এই জনসভাত বিশেষ স্থান দখল কৰে গীত-নৃত্যই । শিল্পী কল্পনা পাটোৱাৰীৰ গীতৰ তালে তালে সকলোৱে এপাক নচাৰ লগতে অগপ সভাপতি অতুল বৰাইও বিহুগীত নোগোৱাকৈ থাকিব নোৱাৰিলে।

গীত-নৃত্যৰ মাজতে ৰাইজক উদ্দেশ্যি অগপ সভাপতিগৰাকীয়ে উদাত্ত ভাষণ প্ৰদান কৰি কংগ্ৰেছৰ মহাজোঁটবন্ধনক তীব্ৰ সমালোচনা কৰে। অতুল বৰাই কয় যে, কংগ্ৰেছ আৰু AIUDFৰ মিত্ৰতা অশুভ মিত্ৰতা। এই মিত্ৰতাই জাতি ধ্বংস কৰিব। এই ধ্বংসৰ নেতৃত্ব লৈছে অজিত ভূঞাই। জাতি ধ্বংস কৰিবলৈ আগবঢ়া এই কাৰ্যত আজমলক ঢুলীয়া, ৰিপুণ বৰাক তালিয়া আৰু অজিত ভূঞাক নাচনী আখ্যা দিয়ে অগপসভাপতিগৰাকীয়ে।

'কংগ্ৰেছে গোপনে প্ৰেম কৰি আজমলৰ দলৰ সৈতে মঙলবাৰে আনুষ্ঠানিক ভাবে মিত্ৰতা কৰিলে। আমাৰ মিত্ৰতা আৰু কংগ্ৰেছৰ মিত্ৰতা ৰাইজে তুলনা কৰি চালে বুজি পাব।'  অগপ সভাপতি অতুল বৰাই এনেদৰে কয় ।

অতুল বৰাই নতুন ৰাজনৈতিক দলসমূহক তীব্ৰ সমালোচনা কৰে। তেওঁ কয় যে, কা' আন্দোলনৰ অন্তৰ্নিহিত কাৰণ এতিয়া ৰাইজে বুজি পাইছে। কা'  আন্দোলন কৰি এজনে কংগ্ৰেছ আৰু আজমলৰ দলৰ হাতত ধৰি সাংসদ হ'ল। অসমৰ নতুন ৰাজনৈতিক দলসমূহক চিনেমাৰ আইটেম চঙৰ সৈতে তুলনা কৰে অতুল বৰাই। চিনেমাৰ কাহিনীত যি দৰে আইটেম চঙৰ কোন অৰ্থ নাথাকে ঠিক সেইদৰে নতুন দল সমূহৰো নিবাৰ্চনৰ পাছত কোন অস্তিত্ব নাথাকিব বুলি মত ব্যক্ত কৰে অতুল বৰাই।

অগপৰ মজবুত শিপা থকা সমষ্টিসমূহত ন-ৰূপত আত্মপ্ৰকাশ কৰা অগপক এনেদৰে ৰাইজৰ মাজলৈ লৈ যোৱাৰ এই ধাৰা অব্যাহত থাকিব বুলি অগপ সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে।
Published by: Himangshu Bhuyan
First published: January 20, 2021, 6:07 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি