• Home
  • »
  • News
  • »
  • assam
  • »
  • 'শ্বহীদৰ কেঁচা তেজৰ মূল্য কি বুজিব শ্বেৰমানে?'- অসম জাতীয় পৰিষদক কংগ্ৰেছৰ B-Team আখ্যা বিজেপিৰ

'শ্বহীদৰ কেঁচা তেজৰ মূল্য কি বুজিব শ্বেৰমানে?'- অসম জাতীয় পৰিষদক কংগ্ৰেছৰ B-Team আখ্যা বিজেপিৰ

 উপ নিৰ্বাচনত বিজেপি আটাইকেইখন আসনতে জয়লাভ কৰিব বুলিও এতিয়া গভীৰ আত্মবিশ্বাসী ভৱেশ কলিতা।

উপ নিৰ্বাচনত বিজেপি আটাইকেইখন আসনতে জয়লাভ কৰিব বুলিও এতিয়া গভীৰ আত্মবিশ্বাসী ভৱেশ কলিতা।

উপ নিৰ্বাচনত বিজেপি আটাইকেইখন আসনতে জয়লাভ কৰিব বুলিও এতিয়া গভীৰ আত্মবিশ্বাসী ভৱেশ কলিতা।

  • Share this:
অসমৰ আন্দোলনৰ শ্বহীদৰ সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰা কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীকলৈ উত্তাল ৰাজ্যৰ ৰাজনীতি। শাসক-বিৰোধী সকলোৱে একেমুখে ধিক্কাৰ দিছে বিধায়ক শ্বেৰমানৰ দায়িত্বজ্ঞানহীন মন্তব্যক। বিধায়কজনৰ এনে মন্তব্যৰ পিছতে ৰাজ্যিক বিজেপিয়ে এতিয়া আক্ৰমণৰ লক্ষ্য কৰি লৈছে কংগ্ৰেছক। শুকুৰবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই শ্বেৰমান আলীক সমালোচনাৰে থকা-সৰকা কৰে।

ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয় যে,' কেঁচা তেজৰ বিনিময় শ্বেৰমান আলীয়ে কি বুজিব? কংগ্ৰেছ দলত এনেকুৱা বিধায়ক থকাটো আচৰিত নহয়। অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত কংগ্ৰেছৰ ভূমিকা এটা প্ৰশ্নবোধক। এনেকুৱা ঘটনা অসমৰ ৰাজনীতিত ঘটিব বুলি ভবা নাছিলো। কংগ্ৰেছে সদায় সাম্প্ৰদায়িক ৰাজনীতি কৰি আহিছে। শ্বেৰমান আলীয়ে উচিতনিমূলক মন্তব্য দিছে।'

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ মন্তব্যক চালে বেৰে কোবোৱা আখ্যা দি ভৱেশ কলিতাই কয় যে, 'ভূপেন বৰাই গৰুখুঁটিৰ ঘটনাত চাৰ্ট ফালে। কিন্তু পাণ্ডুৰ ঘটনাৰ খবৰেই নাপায়। শ্বেৰমান আলী যদি বিজেপিৰ এজেন্ট তেন্তে কংগ্ৰেছে সকলোকে ৰিজাইন কৰাই দিয়ক।'

ইফালে উপ নিৰ্বাচনত আসন বুজাবুজিৰ সন্দৰ্ভত অসম জাতীয় পৰিষদৰ নেতৃত্বই কংগ্ৰেছক সাক্ষাত কৰাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে দলটোক কংগ্ৰেছৰ বি-টিম আখ্যা দিয়ে। আনহাতে উপ নিৰ্বাচনত বিজেপি আটাইকেইখন আসনতে জয়লাভ কৰিব বুলিও এতিয়া গভীৰ আত্মবিশ্বাসী ভৱেশ কলিতা।
Published by:Himangshu Bhuyan
First published: