মুখ্যপৃষ্ঠা »খবৰ »অসম »PM কিষাণ আঁচনিৰ দুৰ্নীতিৰ CBI তদন্তৰ দাবী AJPৰ! ভুৱা হিতাধিকাৰীৰ তালিকা ৰাজহুৱা কৰাৰ দাবী।

PM কিষাণ আঁচনিৰ দুৰ্নীতিৰ CBI তদন্তৰ দাবী AJPৰ! ভুৱা হিতাধিকাৰীৰ তালিকা ৰাজহুৱা কৰাৰ দাবী।

ৰাকেশ পালৰ কাৰ্যকালত হোৱা সকলো নিযুক্তিৰ তদন্ত ঘোষণাৰ দাবী অসম জাতীয় পৰিষদৰ ৷

ৰাকেশ পালৰ কাৰ্যকালত হোৱা সকলো নিযুক্তিৰ তদন্ত ঘোষণাৰ দাবী অসম জাতীয় পৰিষদৰ ৷

ৰাকেশ পালৰ কাৰ্যকালত হোৱা সকলো নিযুক্তিৰ তদন্ত ঘোষণাৰ দাবী অসম জাতীয় পৰিষদৰ ৷

  • Share this:
ৰাজ্যৰ লাখ লাখ প্ৰকৃত কৃষকক বঞ্চিত কৰি ভুৱা কৃষকে সৰকাইছে PM কিষাণ আঁচনিৰ ধন ৷ হিতাধিকাৰী  কৃষকৰ তালিকাত  বিজেপি মিত্ৰজোঁটৰ নেতা-পালিনেতাৰ অঙহী-বঙহীৰো নাম থকাৰ অভিযোগ। বিজেপি মিত্ৰজোঁটৰ নেতাৰ হস্তক্ষেপত বাছনি হৈছে PM কিষাণ আঁচনিৰ হিতাধিকাৰীৰ নাম ৷ এই অভিযোগ অসম জাতীয় পৰিষদৰ ৷

২০১৮ চনত ৰূপায়ন কৰা এই আঁচনিত বিয়াগোম দুৰ্নীতি হোৱাৰ কথা ইতিমধ্যে স্বীকাৰ কৰিছে কৃষি মন্ত্ৰী অতুল বৰাই ৷ কিন্তু অজাপৰ দাবী দুৰ্নীতি CBIৰ জড়িয়তে সঠিক তদন্ত কৰাৰ দাবী AJPৰ। তদুপৰি দুৰ্নীতি সংঘটিত কৰা লোকৰ তালিকা হ'ব লাগিব ৰাজহুৱা ৷

PM কিষাণ আঁচনিক লৈ ৰাজ্য চৰকাৰে প্ৰতিবাৰে বিভ্ৰান্তিকৰ তথ্য প্ৰকাশ কৰাৰ অভিযোগ কৰে দলটোৱে ৷ সময়ে সময়ে কৃষি বিভাগে সলনি কৰিছে হিতাধিকাৰী আৰু ভূৱা কৃষকৰ তালিকা ৷ যাৰ বাবে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ স্থিতি লোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৃষি মন্ত্ৰী অতুল বৰাক জৱাবদিহি কৰাৰ দাবী জনাইছে অজাপই ৷

ইপিনে একেখন সংবাদমেলত APSC তদন্তক লৈ সৰৱ হৈ উঠে দলটো ৷ ৰাকেশ পালৰ কাৰ্যকালৰ সকলো দুৰ্নীতিৰ তদন্তৰ দাবী জনাইছে দলটোৱে ৷

শেহতীয়া বাতৰি