মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ পদূলিত অদীপ কুমাৰ ফুকনৰ ৰণশিঙা, সিদ্ধাৰ্থ ভট্টাচাৰ্যই ক’লে – ৰাইজে জিকা ঘোঁৰাতহে বাজি লগাব

News18 Assam | News18-Assam
Updated:March 12, 2021, 5:18 PM IST
মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ পদূলিত অদীপ কুমাৰ ফুকনৰ ৰণশিঙা, সিদ্ধাৰ্থ ভট্টাচাৰ্যই ক’লে – ৰাইজে জিকা ঘোঁৰাতহে বাজি লগাব
মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে একপ্ৰকাৰ AJPৰ প্ৰাৰ্থীগৰাকীয়ে চমক সৃষ্টি কৰাৰ লক্ষ্য লয় পূব গুৱাহাটীত৷

মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে একপ্ৰকাৰ AJPৰ প্ৰাৰ্থীগৰাকীয়ে চমক সৃষ্টি কৰাৰ লক্ষ্য লয় পূব গুৱাহাটীত৷

  • Share this:
বিজেপিৰ দখলত থকা পূব গুৱাহাটী সমষ্টি লাগে অসম জাতীয় পৰিষদক৷ দলটোৰ মনোনীত প্ৰাৰ্থী অদীপ কুমাৰ ফুকনে শুকুৰবাৰে অংশ ল’লে এক বাইক ৰেলী৷ ভাৰতীয় জনতা পাৰ্টীৰ পূব গুৱাহাটী সমষ্টিৰ প্ৰায় নিশ্চিত প্ৰাৰ্থী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ গৃহ পদূলিৰ পৰা আৰম্ভ হ’ল এই ৰেলী৷ ৰেলীত অংশ লয় কেইবাশতাধিক জাতীয় পৰিষদৰ কৰ্মীয়ে৷ মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে একপ্ৰকাৰ AJPৰ প্ৰাৰ্থীগৰাকীয়ে চমক সৃষ্টি কৰাৰ লক্ষ্য লয় পূব গুৱাহাটীত৷

উল্লেখযোগ্য যে বৰা ছাৰ্ভিচৰ পৰা আৰম্ভ কৰা এই ৰেলী গণেশগুৰি হৈ কাহিলীপাৰাৰ মাজেৰে ৰাজগড়ত উপস্থিত হয়৷ ৰেলীত অংশ লৈ অদীপ ফুকনৰ মন্তব্য, পূব গুৱাহাটী সমষ্টিবাসীয়ে নিজৰ পৰিচয় দিয়ক৷ নিজৰ বুদ্ধিৰ পৰিচয় দি বাচনি কৰক আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰাৰ্থী৷ জনপ্ৰতিনিধি হ’লে মহানগৰবাসীৰ দূৰ হ’ব দীৰ্ঘদীনিয়া খোৱাপানীৰ সমস্যা, কৃত্ৰিম বানৰ সমস্যা৷

অদীপ ফুকনৰ এনে মন্তব্যৰ বিপৰীতে সিদ্ধাৰ্থ কুমাৰ ভট্টাচাৰ্যৰ দাবী অদীপ ফুকনক মই প্ৰতিদ্বন্দ্বী বুলি নাভাবো। পূৱ গুৱাহাটী সমষ্টিত বিজেপিৰ লগত কাৰো কনটেষ্ট নহয়। যোৱাবাৰ ৯৬ হাজাৰ ভোট পাইছিলো, এইবাৰ ১ লাখৰ বেছি ভোট পাম। ৰাইজে জিকা ঘোঁৰাতহে বাজি লগাব।
Published by: Sanjay Kumar Das
First published: March 12, 2021, 5:18 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি