உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ‘ৰাইজৰ দল আৰু অজাপ বিজেপিৰ এজেণ্ট’ - মনোনয়ন দাখিল কৰি ক'লে নুৰুল হুদাই

    ‘ৰাইজৰ দল আৰু অজাপ বিজেপিৰ এজেণ্ট’ - মনোনয়ন দাখিল কৰি ক'লে নুৰুল হুদাই

    ৰূপহীহাটৰ পৰা এইবাৰ ৰাইজৰ দলৰ হৈ নুৰুল হুদাৰ বিৰুদ্ধে মনোনয়ন দাখিল কৰিছে নজৰুল ইছলামে।

    ৰূপহীহাটৰ পৰা এইবাৰ ৰাইজৰ দলৰ হৈ নুৰুল হুদাৰ বিৰুদ্ধে মনোনয়ন দাখিল কৰিছে নজৰুল ইছলামে।

    ৰূপহীহাটৰ পৰা এইবাৰ ৰাইজৰ দলৰ হৈ নুৰুল হুদাৰ বিৰুদ্ধে মনোনয়ন দাখিল কৰিছে নজৰুল ইছলামে।

    • Share this:
    "ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে বিজেপিৰ হৈ কাম কৰি আছে। সেয়ে তেওঁলোকে মহাজোঁটৰ প্ৰাৰ্থীক পৰাজিত কৰিবলৈ ষড়যন্ত্ৰ কৰি ৰূপহীহাটত মোৰ বিৰুদ্ধে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। কিন্তু ৰূপহীৰ মানুহে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদক বিশ্বাস নকৰে।"- মনোনয়ন দাখিল কৰি এই মন্তব্য কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাৰ।

    সোমবাৰে নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰি অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলক কঠোৰ সমালোচনা কৰে কংগ্ৰেছৰ বিধায়কগৰাকীয়ে। দ্বিতীয়বাৰৰ বাবে ৰূপহীহাট সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰা বিধায়কগৰাকীয়ে কয়, "ৰূপহীহাটত এইবাৰ মোৰ জয় নিশ্চিত। বিপুল ভোটত মই জয়ী হ'ম। ৰূপহীহাটত মোৰ প্ৰতিদ্বন্দ্বী কোনো নাই।"

    উল্লেখযোগ্য যে ৰূপহীহাটৰ পৰা এইবাৰ ৰাইজৰ দলৰ হৈ নুৰুল হুদাৰ বিৰুদ্ধে মনোনয়ন দাখিল কৰিছে নজৰুল ইছলামে। বিগত সময়ছোৱাত সমষ্টিটোত ৰাইজৰ দলে ব্যাপক সাংগঠনিক কুচকাৱাজ চলোৱা পৰিলক্ষিত হৈছিল। আনহাতে এআইইউডিএফৰ পৰা টিকট বিচাৰি বঞ্চিত হোৱা নুৰুল আমিন চৌধুৰীয়েও নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিছে।
    Published by:Sanjay Kumar Das
    First published: