আজি সন্ধিয়া দুয়োটা দলে যৌথ সংবাদমেল সম্বোধন কৰি ঘোষণা কৰিব প্ৰাৰ্থী তালিকা।
আজি সন্ধিয়া দুয়োটা দলে যৌথ সংবাদমেল সম্বোধন কৰি ঘোষণা কৰিব প্ৰাৰ্থী তালিকা।
আজি ঘোষণা হ'ব জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ প্ৰথমখন প্ৰাৰ্থী তালিকা। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অসম জাতীয় পৰিষদে ৩৫ খন আসনত প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ বিপৰীতে ৰাইজৰ দলে প্ৰতিদ্বন্দিতা আগবঢ়াব ১২ খন আসনত। আজি সন্ধিয়া দুয়োটা দলে যৌথ সংবাদমেল সম্বোধন কৰি ঘোষণা কৰিব প্ৰাৰ্থী তালিকা।
ইফালে কেইবাটাও সমষ্টিক লৈ বিপাঙত পৰিছে দুয়োটা দল। দুয়োটা দলেই বিচাৰিছে মাহমৰা, মৰাণ, বিহপুৰীয়া আৰু ৰহা সমষ্টি। বিহপুৰীয়া সমষ্টি অসম জাতীয় পৰিষদক কোনো কাৰণতে এৰি দিয়া নহ'ব বুলি স্পষ্টকৈ জনাইছে ৰাইজৰ দলে। আসন ভাগ বটোৱাৰাকলৈ ঘনে ঘনে বৈঠকত বহিছে লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ।
আনহাতে আজিৰ দিনটোতে বিজেপিয়েও প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ সম্ভাৱনা আছে। কিন্তু কংগ্ৰেছ মহাজোঁটে কাইলৈহে ঘোষণা কৰিব প্ৰাৰ্থী তালিকা।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|