মুখ্যপৃষ্ঠা » খবৰ

» অসম

»AIUDF: উপ–নিৰ্বাচনৰ বাবে সাজু আজমলৰ দল, নামনি অসমৰ দুটা সমষ্টিতে নিৰ্বাচনী সমিতি গঠন

AIUDF: উপ–নিৰ্বাচনৰ বাবে সাজু আজমলৰ দল, নামনি অসমৰ দুটা সমষ্টিতে নিৰ্বাচনী সমিতি গঠন

News18 Assam | News18-Assam
Updated:September 11, 2021, 5:02 PM IST
AIUDF: উপ–নিৰ্বাচনৰ বাবে সাজু আজমলৰ দল, নামনি অসমৰ দুটা সমষ্টিতে নিৰ্বাচনী সমিতি গঠন
বিধায়ক পুঁজি নোপোৱাত ক্ষোভিত হৈছে সোণাই সমষ্টিৰ এআইইউডিএফৰ বিধায়ক কৰিমুদ্দিন বৰভূঞা।

বিধায়ক পুঁজি নোপোৱাত ক্ষোভিত হৈছে সোণাই সমষ্টিৰ এআইইউডিএফৰ বিধায়ক কৰিমুদ্দিন বৰভূঞা।

  • News18 Assam
  • Last Updated: September 11, 2021, 5:02 PM IST
  • Share this:

অসম বিধানসভাৰ আগন্তুক উপ–নিৰ্বাচনত ভৱানীপুৰ আৰু গোসাঁইগাঁও সমষ্টিত নিৰ্বাচন খেলিব বিৰোধী দল এআইইউডিএফে। নামনি অসমৰ দুয়োটা সমষ্টিতে নিৰ্বাচনী সমিতি গঠন কৰি দিছে এআইইউডিএফ দলে। ভৱানীপুৰ সমষ্টিত একেৰাহে চতুৰ্থ বাৰলৈ এআইইউডিএফৰে জয় নিশ্চিত বুলি দাবী কৰিলে সোণাই সমষ্টিৰ বিধায়ক তথা বৰপেটাৰ তত্ত্বাৱধায়ক কৰিমুদ্দিন বৰভূঞাই।


এআইইউডিএফৰ কেন্দ্ৰীয় কমিটীৰ সাধাৰণ সম্পাদকগৰাকীৰ মতে ভৱানীপুৰত বিজেপি প্ৰাৰ্থীয়ে মুখথেকেচা খাব। আগন্তুক উপ–নিৰ্বাচনৰ বাবেই ভৱানীপুৰ আৰু গোসাঁইগাঁওত নিৰ্বাচনী সমিতি গঠন কৰি ৰাইজৰ  মাজত সোমাইছে আজমল নেতৃত্বাধীন এআইইউডিএফ দল।


ইফালে চৰকাৰ গঠনৰ পাঁচ মাহ হ'ল। এই পাঁচ মাহে সমষ্টি উন্নয়নৰ পুঁজি পোৱা নাই বিধায়কসকলে। বিধায়ক পুঁজি নোপোৱাত ক্ষোভিত হৈছে সোণাই সমষ্টিৰ এআইইউডিএফৰ বিধায়ক কৰিমুদ্দিন বৰভূঞা। ধন নোহোৱাৰ বাবে সমষ্টি উন্নয়ন কৰিব নোৱাৰি ৰাজ্য চৰকাৰক সমালোচনা কৰে বিধায়ক কৰিমুদ্দিন বৰভূঞাই। সোণাইৰ বিধায়কগৰাকীৰ স্পষ্ট মত– চৰকাৰে মুখেৰে কয় এটা, কিন্তু কাম–কাজ কাৰ্যতঃ লেহেমীয়া হৈছে।

Published by: Gautam Barman
First published: September 11, 2021, 5:02 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি