তৰুণ গগৈয়ে পুত্ৰৰ সমষ্টি ৰাখি আমাক প্ৰতাৰণা কৰিলেঃআজমল

'ভদ্ৰলোকৰ চুক্তি' উলংঘা কৰিলে কংগ্ৰেছে, দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটদান কৰি খং আৰু হতাশাত কংগ্ৰেছৰ সৈতে গোপন চুক্তি উদঙালে AIUDF প্ৰধানে।

news18assam
Updated:April 18, 2019, 6:10 PM IST
তৰুণ গগৈয়ে পুত্ৰৰ সমষ্টি ৰাখি আমাক প্ৰতাৰণা কৰিলেঃআজমল
বদৰুদ্দিন আজমল
news18assam
Updated: April 18, 2019, 6:10 PM IST
কংগ্ৰেছৰ প্ৰতাৰণাত খঙে–দুখে একাকাৰ হৈছে মৌলানা বদৰুদ্দিন আজমল। ভদ্ৰলোকৰ চুক্তি উলংঘা কৰাৰ অভিযোগেৰে মন খুলি কংগ্ৰেছৰ মিথ্যাচাৰ উদঙাই দিলে হুজুৰ বদৰুদ্দিন আজমলে।  দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত  প্ৰথমগৰাকী AIUDF প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাসৰ ভাগ্য EVM ত বন্দী হোৱাৰ দিনাই NEWS18 ৰ কেমেৰাৰ সন্মূখত কংগ্ৰেছক আক্ৰমণ দলটোৰ প্ৰধান আজমলৰ। আজমলৰ স্পষ্ট ঘোষণা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰে হৈছিল তেওঁৰ দলৰ গোপন বুজাবুজি। এই চুক্তি ভংগ কৰা কংগ্ৰেছৰ ওপৰত ক্ষুদ্ধ হৈ NEWS18 ৰ সাংবাদিকৰ এটা টোকৰতে গোপন কথা ফাদিল কৰি দিলে AIUDF প্ৰধানে।
দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ আগমূহুৰ্তলৈকে  AIUDF ৰ সৈতে কোনো ধৰণৰ মিত্ৰতা হোৱা নাই বুলি দাবী কৰা তৰুন গগৈক মিথ্যাচাৰী আখ্যা আজমলৰ। পুত্ৰৰ সমষ্টি কলিয়াবৰ সুৰক্ষিত কৰাৰ পিছত ধুবুৰী, বৰপেটা আৰু শিলচৰত তৰুন গগৈয়ে প্ৰতাৰনা কৰাৰ অভিযোগ আজমল চাহাবৰ। ধুবুৰীৰ সাংসদগৰাকীৰ দাবী বিজেপিৰ সৈতে যুঁজিবলৈ এই সিদ্ধান্ত লোৱা হৈছিল।

দৰাচলতে বৰপেটাৰ লগতে ধুবুৰীত কংগ্ৰেছ দলে প্ৰাৰ্থী দিয়াৰ পিছৰ পৰাই খঙত গুজৰি গুমৰি আছিল আজমল চাহাব। তাৰেই বহিঃপ্ৰকাশ ঘটিল বৃহস্পতিবাৰে। হোজাইলৈ ভোট দিবলৈ অহা আজমলে কংগ্ৰেছৰে মিত্ৰতাৰ গোপন সন্ধি উদঙাই দিয়াৰ লগতে দিলে আন বহু চাঞ্চল্যকৰ ভাষ্য।

বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেক আৰু অগপ প্ৰাৰ্থী জাবেদ ইছলামক হিমন্ত বিশ্ব শৰ্মাৰ মানুহ বুলি কটাক্ষ আজমলৰ। লগতে ধুবুৰীত কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী আবু তাহেৰ বেপাৰীকো নিশা দুপৰলৈকে হিমন্ত বিশ্ব শৰ্মাৰ ভৰি পিটিকি দিয়া নেতা বুলি তাচ্চিল্য কৰিলে AIUDF প্ৰধানে।

কংগ্ৰেছৰ প্ৰতাৰনাৰ পিছত খঙত হিতাহিত জ্ঞান হেৰুউৱা বদৰুদ্দিন আজমলে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিনাই এনে চাঞ্চল্যকৰ ভাষ্যৰে গৰম কৰিলে ৰাজ্যৰ ৰাজনীতি। কংগ্ৰেছৰে গোপন মিতিৰালি খোলোচা কৰা আজমলৰ ভাষ্যই তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত কি প্ৰভাৱ পেলায় সেয়া লক্ষ্যণীয় হ’ব।
আৰু চাওক পৰৱৰ্তী বাতৰি