Akhil Gogoi Vs AIUDF: মৌলবাদী সাম্প্ৰদায়িক দল AIUDFক অসমৰ পৰা বিদায় দিব লাগেঃ অখিল গগৈ

News18 Assam | News18-Assam
Updated:July 20, 2021, 3:41 PM IST
Akhil Gogoi Vs AIUDF: মৌলবাদী সাম্প্ৰদায়িক দল AIUDFক অসমৰ পৰা বিদায় দিব লাগেঃ অখিল গগৈ
অখিল গগৈক উভতি ধৰে বিধায়ক AIUDFৰ বিধায়ক ৰফিকুল ইছলামে।

অখিল গগৈক উভতি ধৰে বিধায়ক AIUDFৰ বিধায়ক ৰফিকুল ইছলামে।

  • Share this:
"মৌলানা বদৰুদ্দিন আজমল সংখ্যালঘুৰ মালিক নহয়, AIUDF দলে ধংস কৰিব অসম। AIUDF মৌলবাদী সাম্প্ৰদায়িক দল।" মঙলবাৰে সদনৰ বাহিৰত বদৰুদ্দিন আজমল আৰু AIUDFৰ বিৰুদ্ধে গৰজি উঠিল শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ।

অসমৰ সংখ্যালঘু সকলক প্ৰৱঞ্চনা কৰি মুনাফা আদায়েৰে আজমল বাহিনীয়ে অসমত ৰাজনীতি কৰি আহিছে। এই ৰাজনীতি বেছি দিন কৰিবলৈ দিয়া নহ'ব বুলিও হুংকাৰ দিয়ে অখিল গগৈয়ে। আনকি অসমৰ ৰাইজক মৌলবাদী সাম্প্ৰদায়িক দল AIUDF আৰু বিজেপি, RSSক অসমৰ পৰা বিদায় দিবলৈ ৰাজ্যবাসীক অনুৰোধ জনাই অখিল গগৈয়ে।

সিমানতে ক্ষান্ত নাথাকি ব্যক্তিগত ভাৱে যমুনামূখ সমষ্টিৰ বিধায়ক ছিৰাজুদ্দিন আজমলক ৰঙাচকু দেখুৱাই অখিল গগৈয়ে। 'অসমীয়া ভালদৰে ক'ব নজনা আৰৱ-মুম্বাইৰ ষ্টাইলত ইংলিছ কোৱা ছিৰাজুদ্দিন আজমলৰ  নীতি শিক্ষা মোক নালাগে। সাংসদ বদৰুদ্দিন আজমল আৰু বিধায়ক ছিৰাজুদ্দিন আজমলে এফালে সভা কৰক আৰু আনফালে মই সভা কৰিম, কাৰ সমৰ্থনত কিমান মানুহ হয় দেখা যাব।"- এনেধৰণৰ মন্তব্যৰে আজমলক মুকলি প্ৰত্যাহ্বান জনাই শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে।

উল্লেখযোগ্য যে দুদিন পূৰ্বে যমুনামূখ সমষ্টিৰ বিধায়ক ছিৰাজুদ্দিন আজমলেও "হু ইজ অখিল গগৈ" বুলি সমালোচনা কৰিছিল শিৱসাগৰৰ বিধায়কজনক। সেয়েহে মঙলবাৰে সুযোগ বুজি আজমল আৰু AIUDFৰ বিৰুদ্ধে সদনৰ বাহিৰত সৰৱহৈ পৰিল অখিল গগৈ।

ইফালে অখিল গগৈকো এগৰাকী সাম্প্ৰদায়িক ব্যক্তি বুলি কৈ উভতি ধৰে জনিয়া সমষ্টিৰ AIUDFৰ বিধায়ক ড: হাফিজ ৰফিকুল ইছলামে। আনকি ভৱিষ্যতে এআইইউডিএফক সমালোচনা নকৰিবলৈ অখিল গগৈক সকীয়াই দিয়ে।
Published by: Himangshu Bhuyan
First published: July 20, 2021, 3:41 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি