'ভৰিৰ তলত মাটি নথকা মানুহ ইণ্টাৰনেছনেল হ'ব নোৱাৰে'-চিৰাজুদ্দিন আজমলক অসমীয়া ভাষা শিকাৰ আহ্বান জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
'ভৰিৰ তলত মাটি নথকা মানুহ ইণ্টাৰনেছনেল হ'ব নোৱাৰে'-চিৰাজুদ্দিন আজমলক অসমীয়া ভাষা শিকাৰ আহ্বান জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
ৰাজ্যসভা নিৰ্বাচনকলৈ তোলপাৰ লাগিছে ৰাজ্যৰ ৰাজনীতি। কংগ্ৰেছ দলে অভিযোগ কৰিছে যে, AIUDFৰ একাংশ বিধায়কে ভোট দিলে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ পক্ষত। একেসময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো ধন্যবাদ জনালে কংগ্ৰেছ, চিপিআই আৰু ৰাইজৰ দলৰ বিধায়কক। আনকি অনিচ্ছা স্বত্তেও ধন্যবাদ জনালে AIUDFৰ বিধায়কক।
শনিবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, 'এই নিৰ্বাচন আমাৰ বাবে মাইলৰ খুটা। UPPLৰ বাবেও এই নিৰ্বাচন মাইলৰ খুটা। কংগ্ৰেছ CPM, ৰাইজৰ দলক ধন্যবাদ, AIUDF ক অনিচ্ছা স্বত্তেও ধন্যবাদ। বিৰোধী শূণ্য বুলি ক'লে গণতন্ত্ৰ বিৰোধী। আমি মিলিজুলি কাম কৰাটো ভাল। আজমলৰ বিৰুদ্ধে আমি যুঁজি আছো, তাৰ প্ৰমাণ গৰুখুটি, লামডিং আদি। আজমল মোৰ শত্ৰু নহয়, আজমলৰ সভ্যতাহে মোৰ শত্ৰু।'
ইফালে অসমীয়া ভাষাৰ সন্দৰ্ভত অপমানসূচক মন্তব্য কৰা চিৰাজুদ্দিন আজমলকো অসমীয়া ভাষা শিকিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, 'চিৰাজুদ্দিনৰ কথা গ্রহণযোগ্য নহয়। ভৰিৰ তলত মাটি নথকা মানুহ ইন্টাৰনেছনেল হব নোৱাৰে। তেওঁ অসমীয়া ভাষা শিকিব লাগে।'
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|