মুখ্যপৃষ্ঠা »খবৰ »অসম »আজমলক খেদি খেদি ৰাজপথত প্ৰহাৰ কৰিলে পত্নীয়ে, আজমল আৰু দুই পত্নীৰ যুঁজত উত্তাল নগাঁও চহৰৰ ৰাজপথ

আজমলক খেদি খেদি ৰাজপথত প্ৰহাৰ কৰিলে পত্নীয়ে, আজমল আৰু দুই পত্নীৰ যুঁজত উত্তাল নগাঁও চহৰৰ ৰাজপথ

দুই পত্নী আৰু স্বামীৰ পাৰিবাৰিক কাজিয়াত উত্তাল হৈ পৰিল চহৰখনৰ ৰাজপথ। সৃষ্টি হ'ল ব্যাপক যান-যঁটৰো।

দুই পত্নী আৰু স্বামীৰ পাৰিবাৰিক কাজিয়াত উত্তাল হৈ পৰিল চহৰখনৰ ৰাজপথ। সৃষ্টি হ'ল ব্যাপক যান-যঁটৰো।

নগাঁও চহৰৰ ভূঁঞাপট্টিৰ আজমল হুছেইন নামৰ এগৰাকী পঞ্চাশ বছৰীয়া ব্যক্তিয়ে প্ৰথমা পত্নী নুৰ নেহাৰক এৰি  জুৰীয়া দ-গাঁৱৰ ফাৰজিনা বেগম নামৰ এগৰাকী কমবয়সীয়া বিবাহিতা মহিলাৰ সৈতে গোপনে বিবাহপাশত আৱদ্ধ হয়।

  • Share this:
পত্নী আৰু সন্তান থকাৰ পিছতো পুনৰ এগৰাকী বিবাহিতা মহিলাৰ সৈতে গোপনে বিবাহপাশত আৱদ্ধ হোৱা স্বামীক ৰাজপথতে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰিলে প্ৰথমা পত্নীয়ে। নগাঁও চহৰৰ ৰাজপথত আজি বিয়লি সংঘটিত এই ঘটনাই ব্যাপক চৰ্চা লাভ কৰিছে।

জানিব পৰা মতে, নগাঁও চহৰৰ ভূঁঞাপট্টিৰ আজমল হুছেইন নামৰ এগৰাকী পঞ্চাশ বছৰীয়া ব্যক্তিয়ে প্ৰথমা পত্নী নুৰ নেহাৰক এৰি  জুৰীয়া দ-গাঁৱৰ ফাৰজিনা বেগম নামৰ এগৰাকী কমবয়সীয়া বিবাহিতা মহিলাৰ সৈতে গোপনে বিবাহপাশত আৱদ্ধ হয়।

উল্লেখযোগ্য় যে, আজিৰ পৰা কেইদিনমান পূৰ্বে দ্বিতীয় বিবাহ কৰোৱা আজমলে দ্বিতীয়া পত্নী ফাৰজিনাৰ সৈতে অজ্ঞাত স্থানত আত্মগোপন কৰি আছিল। পিছে আজি নগাঁৱৰ পৰা যোৰহাটলৈ নতুন পত্নী ফাৰজিনাক লগত লৈ যোৰহাটলৈ পলায়নৰ চেষ্টা কৰোতেই প্ৰথমা পত্নী নুৰ নেহাৰৰ জালত বন্দী হ'ল আজমল।

নগাঁও চহৰৰ মাৰোৱাৰীপট্টিৰ গোলাঘাট স্থানৰ সমীপতে দ্বিতীয়া পত্নীসহ ধৰা পেলোৱা আজমল হুছেইনক লপা-থপা  সোধালে প্ৰথমা পত্নী নুৰ নেহাৰে। নুৰ নেহাৰে আক্ৰমণৰ লক্ষ্য কৰি ল'লে দ্বিতীয়া পত্নী ফাৰজিনাকো। নুৰ নেহাৰৰ প্ৰহাৰত মূৰ ফাটিল ফাৰজিনাৰ। ফাৰজিনা আঘাতপ্ৰাপ্ত হোৱাৰ পিছত নুৰ নেহাৰক আক্ৰমণৰ চেষ্টা কৰা লম্পট আজমল হুছেইনক চৰ-গোৰ সোধালে প্ৰত্যক্ষদৰ্শী বহু লোকে।

উল্লেখযোগ্য় যে, দুই পত্নী আৰু স্বামীৰ পাৰিবাৰিক কাজিয়াত উত্তাল হৈ পৰিল চহৰখনৰ ৰাজপথ। সৃষ্টি হ'ল ব্যাপক যান-যঁটৰো। ইয়াৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দুই পত্নী আৰু স্বামীক আটক কৰি নগাঁও সদৰ থানালৈ লৈ যায়। নগাঁৱৰ ৰাজপথত সংঘটিত এই ঘটনাই দৃষ্টি আকৰ্ষণ কৰিলে বিহুৰ বজাৰ কৰিবলৈ অহা চহৰখনৰ বহু পথচাৰীৰ।

শেহতীয়া বাতৰি