হোজাই জিলাৰ কোভিড ৰোগীৰ আত্মীয়ৰ সুবিধাৰ্থে 'হেল্লো আজমল' নামেৰে আজমল ফাউণ্ডেচনে আৰম্ভ কৰিছে খাদ্য সামগ্রী যোগানৰ পৰিসেৱা। সেই উপলক্ষে আজি আজমল হাউছত ফ্লেগ অফ কৰি পৰিসেৱাৰ শুভাৰম্ভ কৰে যমুনামুখ সমষ্টিৰ বিধায়ক চিৰাজউদ্দিন আজমলে। উল্লেখ্য যে কোভিডৰ জটিল পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৰম্ভ কৰা উক্ত পৰিসেৱাৰ জৰিয়তে কোভিড আক্ৰান্ত পৰিয়ালৰ লোকে খাদ্যসামগ্ৰী লাভ কৰিবলৈ দুটা ফোন নম্বৰো দিয়া হৈছে।
জিলাখনত কাৰ্যকৰী হোৱাকৈ আৰম্ভ কৰা উক্ত পৰিসেৱাৰ নম্বৰ দুটা হৈছে 93947-46234 / 93948-91480 । পুৱা ১০ বজাৰ পৰা আবেলি ৬ বজাৰ ভিতৰত খাদ্য সংকটত ভোগা কোভিড আক্ৰান্ত পৰিয়ালে উল্লিখিত ফোন নম্বৰ দুটাত কল কৰিলেই খাদ্য সামগ্রী ঘৰতে লাভ কৰিব বুলি আজমল ফাউণ্ডেচনৰ ফালৰ পৰা জানিবলৈ দিছে। উক্ত পৰিসেৱাটি শুভাৰম্ভ কৰে বিধায়ক চিৰাজউদ্দিন আজমলে।
আনহাতে চিৰাজউদ্দিন আজমলে কাকীৰ তাৰালাংছ'ত দেওবাৰে প্ৰশাসনে চলোৱা উচ্ছেদক ৰাজনৈতিক ষড়যন্ত্ৰ আখ্যা দিয়ে। উক্ত উচ্ছেদ সংক্ৰান্তত তেওঁ পদক্ষেপ গ্ৰহণ কৰিব আৰু ইয়াৰ ফলাফল অতি সোনকালে পাব বুলি মন্তব্য কৰাৰ উপৰি ধৰ্মীয় সংখ্যালঘুৰ ওপৰত জুলুম হৈ আছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|