বদৰুদ্দিন আজমল অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পক্ষত সাংসদ অজিত কুমাৰ ভূঞা, ছৈয়দ আব্দুল মালিকৰ সৈতে আজমলক কৰিলে তুলনা

News18 Assam | News18-Assam
Updated:October 18, 2020, 8:02 PM IST
বদৰুদ্দিন আজমল অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পক্ষত সাংসদ অজিত কুমাৰ ভূঞা, ছৈয়দ আব্দুল মালিকৰ সৈতে আজমলক কৰিলে তুলনা
আমাক হিন্দু বনাইছে, কিন্তু আমি সেই পৰিচয় লবলৈ ৰাজী নহয়ঃ অজিত ভূঞা

আমাক হিন্দু বনাইছে, কিন্তু আমি সেই পৰিচয় লবলৈ ৰাজী নহয়ঃ অজিত ভূঞা

  • Share this:
ৰাজ্যত ক্ৰমাত্‍ উত্তপ্ত হৈছে নিৰ্বাচনী বতাহ। ২০২১ত হ’বলগীয়া বিধানসভা নিৰ্বাচনলৈ মাজত ছমাহৰো কম সময়। প্ৰতিটো ৰাজনৈতিক দলেই প্ৰস্তুত কৰিছে নিজ নিজ দলৰ ৰণকৌশল। পিছ পৰি ৰোৱা নাই অজিত কুমাৰ ভূঞাৰ আঞ্চলিক গণ মৰ্চা। নাগৰিকত্ব সংশোধনী আইন বিৰোধী ভোট একত্ৰিত কৰিবলৈ এতিয়া ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰিছে অজিত ভূঞা।

তাৰ মাজতে শিৱসাগৰত উপস্থিত হৈ বিতৰ্কিত মন্তব্য কৰিলে সাংসদগৰাকীয়ে। সাংসদ বদৰুদ্দিন আজমলক ছৈয়দ আব্দুল মালিকৰ সৈতে তুলনা কৰি মুখ্যমন্ত্ৰী হোৱাৰ যোগ্য বুলি মন্তব্য কৰে অজিত কুমাৰ ভূঞাই। আনহে নালাগে বদৰুদ্দিন আজমল অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পক্ষত অৱস্থানো কৰিলে বিশিষ্ট সাংবাদিক তথা ৰাজ্যসভাৰ সাংসদগৰাকীয়ে।

অজিত কুমাৰ ভূঞাই কয় যে, মালিক, শ্বাহ যদি সাহিত্য সভাৰ সভাপতি হ’ব পাৰে, আজমল কিয় মুখ্যমন্ত্ৰী হব নোৱাৰিব। ১৯৫১ ভিত্তিবৰ্ষ হ'লে আজমল বিদেশী হিচাপে চিনাক্ত নহয়। বিজেপিৰ বাবে আজমলৰ কোনো এজেণ্ডা নাই। আমাক হিন্দু বনোৱা হৈছে। পিছে আমি সেই পৰিচয় ল’বলৈ ৰাজি নহয়।’
Published by: Himangshu Bhuyan
First published: October 18, 2020, 8:02 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading