ছয়মাহ পিছত ১৪ ছেপ্টেম্বৰত ৰাজ্যসভাৰ সাংসদ হিচাপে শপত ল’ব অজিত কুমাৰ ভূঞাই

২১ জুলাইত শপত গ্ৰহণৰ বাবে ৰাজ্যসভা সচিবালয়ে নিমন্ত্ৰণ জনাইছিল যদিও লকডাউনৰ বাবে তেতিয়া অজিত কুমাৰ ভূঞাই শপত গ্ৰহণ নকৰিলে।
২১ জুলাইত শপত গ্ৰহণৰ বাবে ৰাজ্যসভা সচিবালয়ে নিমন্ত্ৰণ জনাইছিল যদিও লকডাউনৰ বাবে তেতিয়া অজিত কুমাৰ ভূঞাই শপত গ্ৰহণ নকৰিলে।
- News18 Assam
- Last Updated: September 13, 2020, 4:15 PM IST
চলিত বৰ্ষৰ ১৮ মাৰ্চতে সাংসদ হিচাপে নিৰ্বাচিত হোৱা অজিত কুমাৰ ভূঞাক কোভিডৰ বিড়ম্বনাৰ মাজতে ২১ জুলাইত শপত গ্ৰহণৰ বাবে ৰাজ্যসভা সচিবালয়ে নিমন্ত্ৰণ জনাইছিল যদিও লকডাউনৰ বাবে তেতিয়া অজিত কুমাৰ ভূঞাই শপত গ্ৰহণ নকৰিলে। সেই সময়ত অৱশ্যে অসমৰ আন দুগৰাকী সাংসদ ভূৱনেশ্বৰ কলিতা আৰু বিশ্বজিৎ দৈমাৰীয়ে শপত গ্ৰহণ কৰিছিল। তদুপৰি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে মনোনীত কৰা উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ অসমৰ ৰঞ্জন গগৈয়েও তাৰ পূৰ্বেই উচ্চ সদনত শপত বাক্য পাঠ কৰিছিল।
বিগত ছয় মাহে শপত গ্ৰহণ কৰিব নোৱাৰা অজিত কুমাৰ ভূঞাক ১৪ ছেপ্টেম্বৰত দ্বিতীয়বাৰলৈ শপত গ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনায় ৰাজ্যসভা সচিবালয়ে। সেয়ে সোমবাৰৰ শপত গ্ৰহণৰ বাবে সম্প্ৰতি নতুন দিল্লীত বাহৰ পাতি থকা অজিত ভূঞাই News18ক জনাই যে তেওঁ সদায় অসমৰ ৰাইজৰ বাবে কাম কৰি যাব। সংসদ শেষ হোৱাৰ পিছত অসমলৈ উভতি আহি পুনৰ আঞ্চলিকতাবাদী গণ মৰ্চা অধিক শক্তিশালী কৰিব বুলি সদৰি কৰে।