বিজেপিক প্ৰত্যাহ্বান জনাব পৰা শক্তি অসমত নাই, এইবাৰ ১২৬ৰ ওচৰে–পাজৰে আসন পাম - নগাঁৱত মন্তব্য বিজেপিৰ প্ৰভাৰী অজয় জামোৱালৰ

News18 Assam | News18-Assam
Updated:January 20, 2021, 7:56 PM IST
বিজেপিক প্ৰত্যাহ্বান জনাব পৰা শক্তি অসমত নাই, এইবাৰ ১২৬ৰ ওচৰে–পাজৰে আসন পাম - নগাঁৱত মন্তব্য বিজেপিৰ প্ৰভাৰী অজয় জামোৱালৰ
মধ্য অসমৰ সংখ্যালঘূ প্ৰধান সমষ্টিতো এইবাৰ ভোটাৰে বিজেপিক আদৰি ল'ব বুলিও মন্তব্য কৰে বিজেপিৰ প্ৰভাৰী গৰাকীয়ে।

মধ্য অসমৰ সংখ্যালঘূ প্ৰধান সমষ্টিতো এইবাৰ ভোটাৰে বিজেপিক আদৰি ল'ব বুলিও মন্তব্য কৰে বিজেপিৰ প্ৰভাৰী গৰাকীয়ে।

  • Share this:
"আমাৰ চৰকাৰ শাসনলৈ আহি অসমৰ পৰা ভ্ৰষ্টাচাৰ নাইকীয়া কৰাত গুৰুত্ব দিছে। ইয়াৰ প্ৰমাণ হৈছে এপিএছচিত আমাৰ চৰকাৰে অনা সংস্কাৰ। অনাগত বৰ্ষসমূহত সমগ্ৰ ভাৰতৰ পৰাই ভ্ৰষ্টাচাৰ পুলিয়ে পোখাই উভালিম।"- নগাঁৱত এই মন্তব্য কৰিলে বিজেপিৰ ৰাজ্যিক প্ৰভাৰী অজয় জামোৱালে।

জামোৱালে লগতে কয়, সমীক্ষাত আমাক ৮১খন দিছে কিন্তু আমি ১২৬ৰ ওচৰে-পাজৰে আসন লাভ কৰিম। আনহাতে মধ্য অসমৰ সংখ্যালঘূ প্ৰধান সমষ্টিতো এইবাৰ ভোটাৰে বিজেপিক আদৰি ল'ব বুলিও মন্তব্য কৰে বিজেপিৰ প্ৰভাৰী গৰাকীয়ে। নগাঁও সদৰ বিজেপিৰ কাৰ্যালয়ত বিজেপিৰ এখন সাংগঠনিক সভাত অংশগ্ৰহণ কৰি অজয় জামোৱালে কয়, এইবাৰ নিৰ্বাচনত বিজেপিৰ প্ৰত্যাহ্বান জনাব পৰা শক্তি অসমত নাই।

ইপিনে এই সভাত উপস্থিত থকা সাংসদ পল্লৱলোচন দাসে আওপকীয়াকৈ ৰকিবুল হুছেইনক আক্ৰমণ কৰি কয়, " মহাজোটবন্ধনৰ আসন বুজাবুজি হ'বলৈ দিয়ক। তাৰ পিছতহে আচল খেলটো গম পোৱা যাব। খেলিমেলি কৰিবলৈ আপোনালোকৰ নগাঁৱৰ নেতাজন আছেই।" পল্লৱ লোচন দাসে মহাজোটবন্ধন চূড়ান্তভাৱে বিফল  হ'ব বুলিও মন্তব্য কৰে।

উল্লেখযোগ্য যে আজিৰ এই সভাত বিজেপিৰ প্ৰভাৰী অজয় জামোৱাল, সাংসদ পল্লৱ লোচন দাসৰ লগতে বিজেপিৰ সহকাৰী প্ৰভাৰী পৱন শৰ্মা, বিধায়ক ৰূপক শৰ্মা, প্ৰাক্তন মন্ত্ৰী ৰাজেন গোহাঁই আৰু বিজেপিৰ জিলা সভাপতি অভিজিৎ নাথ উপস্থিত থাকে।
Published by: Sanjay Kumar Das
First published: January 20, 2021, 7:56 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি